US shooting : আমেৰিকাত এইবাৰ বন্দুকধাৰীৰ আক্ৰমণ উইছকনছিন, আইঅ’ৱাত !

1654232219 usa

টেক্সাছ আৰু ওকলাহোমাৰ পাছত এইবাৰ আইঅ’ৱা আৰু উইছকনছিন । বৃহস্পতিবাৰে বন্দুকধাৰীৰ আক্ৰমণৰ দুটা পৃথক ঘটনাৰ সাক্ষী হ’ল আমেৰিকা । ইয়াৰ ভিতৰত আইঅ’ৱাৰ ঘটনাত নিহত হৈছে বন্দুকধাৰীসহ তিনিজন ।

বৃহস্পতিবাৰে নিশা আইঅ’ৱাৰ আমেছত এটা গির্জাৰ সন্মুখত বন্দুকধাৰীৰ গুলিত দুজন ব্যক্তি নিহত হয় । কর্নাৰষ্টোন চার্চৰ বাহিৰত এই আক্ৰমণৰ ঘটনাত আৰক্ষীৰ গুলিত এজন বন্দুকধাৰীও মৃত্যু হয় । আনহাতে, উইছকনছিনৰ গ্রেছলেণ্ড এটা কবৰখানাত অন্ত্যেষ্টিক্রিয়া চলাকালীন এজন বন্দুকধাৰীৰ গুলিত প্ৰায় পাঁচজন গুৰুতৰ আহত হয় ।

আমেৰিকাৰ ওকলাহোমাত বন্দুকধাৰীৰ আক্ৰমণত মঙলবাৰে চাৰিজন নিহত হয় । আৰক্ষীৰ গুলিত বন্দুকধাৰীৰো মৃত্যু হয় । বিগত সপ্তাহত টেক্সাছৰ উভালদৰ এখন বিদ্যাল‌‌য়ত বন্দুক আক্ৰমণত ১৯ জন শিক্ষাৰ্থী আৰু দুজন শিক্ষক নিহত হয় । তাৰ পূৰ্বে মে’ৰ আৰম্ভণিত নিউ ইয়র্কৰ বাফেলোত এটা ছুপাৰ মার্কেটত বন্দুকধাৰীৰ বলি হৈছিল ১০ জন ।

Exit mobile version