দিনটোৰ ৰাশিফল

SEI 96594073

মেষঃ নানা ধৰণৰ চিন্তা থাকিব । অৱশ্যে পূৰ্বতে দিয়া কৰাৰ প্ৰতি বেছি সক্ৰিয় হোৱা দৰকাৰ । আপোনাৰ শুভ বৰ্ণ বগা । বগা ৰং ব্যৱহাৰ কৰিব । যাত্ৰা শুভ । শুভ সংখ্যা ৩ ।

বৃষঃ আৱেগ প্ৰৱণতা । কৰ্মত বিপদৰ শংকা নাথাকিব । ব্যস্ত হৈ পৰাৰ কাৰক । আজি আপুনি সেউজীয়া ৰং ব্যৱহাৰ কৰিব । দূৰ ভ্ৰমণৰ সম্ভাৱনা আছে । শুভ সংখ্যা ২ ।

মিথুনঃ কৰ্তত্বহীন লোকৰ পৰাই কোনো অভিযোগ পোৱাৰ সম্ভাৱনা । খৰচ পাতি বাঢ়িব যদিও অৰ্থনৈতিক সমস্যা নিয়ন্ত্ৰণৰ মাজতে থাকিব । শুভ বৰ্ণ হালধীয়া । আবেলি চাৰি বজাৰ পিছত যাত্ৰা নকৰিব । শুভ সংখ্যা ৪ ।

কৰ্কটঃ কৰ্মব্যস্ত লোকৰ মধ্যম আহুকাল । শৰীৰ আদিৰ বাবে দুশ্চিন্তা কম । অনুকূল ফল আশা কৰিব পাৰে । শুভ বৰ্ণ ৰঙা । ৰঙা বস্ত্ৰ পৰিধান কৰি ৰাতিপুৱা সূৰ্য প্ৰণাম কৰিব । শুভ সংখ্যা ৭ ।

সিংহঃ কৰ্মক্ষেত্ৰত ভৱিষ্যত অনুকূল দেখা যায় । কিন্তু মনোমত সংযোগ প্ৰাপ্তিত বাধা পাব । আজি পৰা পক্ষত যাত্ৰা নকৰিব । যাত্ৰা কৰিলেও পুৱা‌ ভাগতেই কৰিব । ক্ৰীম ৰঙৰ কাপোৰ ব্যৱহাৰ কৰিব । শুভ সংখ্যা ৩ ।

কন্যাঃ অবাঞ্চিত লোকৰ পৰা সতৰ্ক থাকক । কিন্তু সামগ্ৰিকভাৱে দিনটো ভালদৰে পাৰ হ’ব । শুভ বৰ্ণ ক’লা । ক’লা ৰঙৰ পোছাক পিন্ধিব । যাত্ৰা কৰিব পাৰে । শুভ সংখ্যা ৩ ।

তুলাঃ আৰ্থিক লাভৰ বিশেষ যুগ নাথাকিলেও কোনো লোকৰ পৰা আনন্দিত হ’ব । ধৰুৱাত পূৰ্বৰ তুলনাত উন্নত । শুভ বৰ্ণ মেৰুন । আজি যাত্ৰা কৰোতে মেৰুন ৰঙৰ কাপোৰ পিন্ধিব । শুভ সংখ্যা ২ ।

বৃশ্চিকঃ সাধাৰণ উন্নত । কিন্তু কিবা সম্ভাব্য পৰিৱেশ বা কিবা কমাব বাবে উদ্বেগ থাকিব । যোগাযোগ কৰি উৎসাহ পাব । আজি আপুনি পাতল গোলপীয়া ৰং ব্যৱহাৰ কৰিব । শুভ সংখ্যা ৬ ।

ধনুঃ ফুৰা চকাত গা বচাই চলক । অন্যমনস্কতাৰে একোকে নকৰিব । পুৱা ভাগত শিৱ মন্ত্ৰ জপ কৰক । হাতত এখন বগা ৰুমাল ৰাখক । জ্ঞাতি, কুতুম্ব বাহিৰত থকালৈ‌ কিছু চিন্তা । শুভ সংখ্যা ৩ ।

মকৰঃ নিৰাশাবাদ । মতান্তৰৰ সম্ভাৱক । কিন্তু পুৰণা প্ৰিয় বন্ধু লাভৰ যোগ । যাত্ৰাদি স্থগিত ৰাখক । শুভ বৰ্ণ পাতল হালধীয়া বা ক্ৰীম ৰং । এই ৰং ব্যৱহাৰ কৰিব । শুভ সংখ্যা ৯ ।

কুম্ভঃ কোনো দূৰস্থাৰ আশাণ্বিত উন্নতি বা সংস্থাপন । পিতৃ-মাতৃলৈ অৱশ্যে চিন্তা থাকিব । আজি আপোনাৰ শুভ বৰ্ণ পাতল নীলা । যাত্ৰা বা শুভ কাম কৰাৰ সময়ত পাতল নীলা ৰঙৰ কাপোৰ পিন্ধিব । শুভ সংখ্যা ৮ ।

মীনঃ কৰ্মস্থানত কোনো খেলিমেলি বা ভুল যাতে নহয় লক্ষ্য ৰাখক । বিদ্যাৰ্থীসকলৰ খুব বেয়া দেখা নাযায় । আপোনাৰ শুভ বৰ্ণ বেঙুনীয়া । যাত্ৰা আছে । শুভ সংখ্যা ৮ ।

Exit mobile version