Basavaraj Bommai : সংশোধনৰ সুযোগ আছে ! পাঠ্যপুঠি পর্যালোচনা কমিটী ভংগ ঘোষণা কর্নাটকৰ মুখ্যমন্ত্রীৰ

Basavaraj Bommai 1643010274989 1643010275179

প্রৱল বিতর্কৰ সন্মুখীন হৈ পাঠ্যপুঠি পর্যালোচনা কমিটী ভংগ কৰিলে কর্নাটকৰ মুখ্যমন্ত্রী বাসবৰাজ বোম্মাই । যুক্তি হিচাপে কয়, কমিটীৰ কাম শেষ হৈছে । অৱশ্যে সংশোধনৰ প্রক্রিয়া চৰকাৰ এতিয়াও খোলা আছে । কাৰো কোনো আপত্তিকৰ কিছু দৃষ্টিগোচৰ হ’লে তেওঁ জনাব পাৰে ।

কর্নাটক চৰকাৰে ২০২০ত সমাজবিজ্ঞান আৰু ইতিহাসৰ পাঠ্যপুঠি সংশোধনৰ বাবে ৰোহিত চক্রৱর্তীৰ নেতৃত্বত এটা কমিটী গঠন কৰে । সেই কমিটীৰ আবেদন মৰ্মে ষষ্ঠৰ পৰা দশম শ্রেণীৰ পাঠ্যপুঠিত টিপু ছুলতান আৰু ভগৎ সিঙৰ ব্রিটিশ বিৰোধী যুঁজৰ ইতিহাস পৰিহাৰ কৰাৰ সিদ্ধান্ত লোৱা হয় । কেৱল সেয়াই নহয়, ‘কোপ’ পৰে দ্রাবিড় আন্দোলনৰ সংগঠক পেৰিয়াৰ ৰামস্বামী নাইকাৰ, লিংগায়েত ধর্মগুৰু বাসবন্না আৰু সমাজ সংস্কাৰক নাৰায়ণ গুৰুৰ ওপৰতো । তাৰ ঠাইত দশম শ্রেণীৰ পাঠ্যসূচিত আৰএছএছৰ প্রতিষ্ঠাতা কেশৱ বলিৰাম হেগড়েৱাৰৰ জীৱনী অন্তৰ্ভুক্ত কৰাৰ প্রস্তাৱ দিয়ে কমিটীয়ে ।

কমিটীৰ এই প্রস্তাৱ প্রকাশ্যত অহাৰ পাছতেই প্রতিবাদত সৰৱ হয় কন্নড় শিক্ষাবিদসকলৰ একাংশ । তেওঁলোকে অভিযোগ কৰে শিক্ষাক্ষেত্রত গেৰুৱাকৰণৰ । শিক্ষা সংস্কাৰ সংক্রান্ত চৰকাৰী কমিটীৰ পৰা পদত্যাগ দিয়ে একাধিক শিক্ষাবিদ আৰু সাহিত্যিকে ।

শুকুৰবাৰে নিশা এক প্রেছ বিজ্ঞপ্তি জাৰি কৰি মুখ্যমন্ত্রীয়ে আৰু জনায় সমাজ সংস্কাৰক বাসবন্নাৰ জীৱনী সংক্রান্ত অধ্যায়টোত উপযুক্ত সংশোধন কৰা হৈছে ।

প্রসংগত, অভিযোগ উঠিছিল ‘ৰাষ্ট্রকবি’ কুভেম্পুৰ লিখা ৰাজ্য সংগীতক বিকৃত কৰা হৈছে নতুন পাঠ্যসূচিত । মুখ্যমন্ত্রীগৰাকীয়ে বিবৃতিত জনাইছে, কোনো ধৰণৰ ‘বিকৃত’ ৰাজ্য সংগীত অন্তৰ্ভুক্ত কৰা নাই পাঠ্যপুঠিত । কিন্তু যিদৰে বিষয়টো সামাজিক মাধ্যমত বিয়পি পৰিছে, তাক লৈ চাইবাৰ ক্রাইম বিভাগকো তেওঁ তদন্তৰ নির্দেশ দিছে ।

Exit mobile version