IMR : দেশত প্রতি ৩৬টি শিশুৰ এজনৰ মৃত্যু হয় প্রথম জন্মদিনৰ আগতেই !

covid birthrates pandemic pregnancy 03 sh llr

বিগত কে’বা দশক ধৰি ভাৰতত নৱজাতকৰ মৃত্যুৰ হাৰ কমিছে । কিন্তু তাৰ ভিতৰতে প্ৰকাশ্যত আহিছে চৰকাৰী তথ্য । সেই তথ্য অনুযায়ী, এতিয়াও দেশত জন্মৰ প্রথম বছৰৰ ভিতৰতে প্রতি ৩৬টি শিশুৰ ভিতৰত এজনৰ মৃত্যু হয় । ভাৰতৰ ৰেজিষ্ট্ৰাৰ জেনেৰেলৰ তৰফৰ পৰা প্রকাশিত প্ৰতিবেদনত জনাইছে, ২০২০ৰ শিশুমৃত্যুৰ হাৰ বা আইএমআৰ ১৯৭১তকৈ প্রায় এক চতুর্থাংশ কমিছে ।

১৯৭১ত বছৰে প্রতি হেজাৰ নৱজাতকৰ ভিতৰত ১২৯ জনৰ মৃত্যু হয় । ২০২০ত কমি হয় ২৮ জন । বিগত ১০ বছৰে দেশত নধজাতকৰ মৃত্যুৰ হাৰ প্রায় ৩৬ শতাংশ কমিছে । গড়ে ৪৪ৰ পৰা ২৮ হৈছে এই মৃত্যুৰ সংখ্যা । কিন্তু তাৰ পাছতো নৱজাতকৰ মৃত্যু হাৰৰ যি প্ৰতিবেদন প্ৰকাশ্যত আহিছে, সেয়া চাঞ্চল্যকৰ ।

চৰকাৰী তথ্য অনুযায়ী, চহৰ-গাঁও নির্বিশেষে জন্ম লোৱাৰ এবছৰৰ ভিতৰত প্রতি ৩৬টি নৱজাতকৰ ভিতৰত এজনৰ মৃত্যু হয় ।

ৰাজ্যভিত্তিক এই প্ৰতিবেদন কি ? ২০২০ত নৱজাতকৰ মৃত্যুৰ হাৰ সৰ্বাধিক আছিল মধ্যপ্রদেশত (৪৩) । আটাইতকৈ কম মৃত্যুৰ হাৰ মিজোৰামত (৩) ।নৱজাতকৰ মৃত্যুৰ হাৰৰ এই পৰিসংখ্যা চহৰ-গাঁৱ ভেদাভেদ খুব একেই নহয় । অৱশ্যে বিগত পাঁচ দশক ধৰি চহৰতকৈ গাঁৱত জন্মৰ হাৰ বহু বেছি ।

Exit mobile version