দিনটোৰ ৰাশিফল

SEI 96594073

মেষঃ আৰ্থিক দিশত বিধাগ্ৰস্ত হ’ব । কোনো শুভ কথাত মন আনন্দিত হ’ব । কমলা ৰঙৰ ব্যৱহাৰে আপোনাৰ যাত্ৰা শুভ । শুভ ৰং কমলা, শুভ সংখ্যা ৭ ।

বৃষঃ দিনটো উন্নত হ’ব কৰ্মত বাধা আছে । শিৱৰ মন্ত্ৰ জপ কৰিব । ক্ৰীম ৰঙৰ বস্ত্ৰ পৰিধান কৰিব । যাত্ৰা আৰম্ভ কৰোতে সাৱধান হ’ব । শুভ ৰং ক্ৰীম, শুভ সংখ্যা ২ ।

মিথুনঃ কোনো বিশেষ কামত সফল হ’ব । শৰীৰৰ প্ৰতি হেলা নকৰিব । সন্ধিয়া ছয় বজাৰ পাছত যাত্ৰা নকৰিব । আপোনাৰ শুভ ৰং কমলা, শুভ সংখ্যা ৯ ।

কৰ্কটঃ ব্যৱসায়-বাণিজ্যত উন্নতি । ব্যৱসায়ত খুব বেয়া নহয় । ৰঙা ৰঙৰ ফুলেৰে পূজা কৰিব আৰু ৰঙা সূতাৰে হাতত পাঁচ পাক দি মেৰিয়াই ল’ব । যাত্ৰা শুভ হ’ব । শুভ ৰং ৰঙা, শুভ সংখ্যা ৩ ।

সিংহঃ সন্তানৰ ওপৰত সতৰ্কতাৰ প্ৰয়োজন । যাত্ৰা কৰিলে চাই চিতি কৰিব । পাৰিবাৰিক অশান্তিত ভুগিব । শুভ ৰং সেউজীয়া, শুভ সংখ্যা ১ ।

কন্যাঃ শিল্পীসকলে কৰ্মত সফলতা লাভ কৰিব । দিনৰ ১২ বজাৰ পাছত যাত্ৰা কৰিলে যাত্ৰা শুভ হ’ব । হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিব । শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮ ।

তুলাঃ সামাজিক কামত জড়িতসকলে উন্নত পৰিৱেশ পাব । বিদ্যাৰ্থীসকলৰ শুভ । দিনটোত এবাৰ বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰি মন্দিৰত যাব । যাত্ৰা শুভ হ’ব । শুভ ৰং বগা, শুভ সংখ্যা ৩ ।

বৃশ্চিকঃ কোনো কামত সফলতা লাভ কৰিব । আজি আপুনি যাত্ৰা কৰিলে বেঙুনীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিব । যাত্ৰাৰ বাবে দিনটো শুভ । শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৪ ।

ধনুঃ ব্যৱসায়ত অনুকূল প্ৰভাৱ পৰিব । পাৰিবাৰিক ক্ষেত্ৰত দিনটো শুভ । যাত্ৰাত মেৰুন ৰং ব্যৱহাৰ কৰিব । বিদ্যাত শুভ । শুভ ৰং মেৰুন, শুভ সংখ্যা ২ ।

মকৰঃ কৰ্মক্ষেত্ৰত উচ্চ পদস্থ বিষয়াৰ স’তে মতবিৰোধ । প্ৰেমত আনন্দ । পৰাপক্ষত যাত্ৰা নকৰাই ভাল । শুভ ৰং গোলপীয়া, শুভ সংখ্যা ৪ ।

কুম্ভঃ বন্ধুবৰ্গৰ লগত সুসম্পৰ্ক স্থাপন । ব্যৱসায়ত আয় বৃদ্ধিৰ কাৰকতা । ৰঙা ৰঙৰ ৰুমাল ব্যৱহাৰ কৰিব । পুৱাৰ ভাগত কৰা যাত্ৰা শুভ হ’ব । শুভ ৰং ৰঙা, শুভ সংখ্যা ৮ ।

মীনঃ কৰ্মত কঠোৰ পৰিশ্ৰমৰ অন্তত লাভৰ মুখ দেখা পাব । দাম্পত্যত মতবিৰোধ হ’ব পাৰে । যাত্ৰা কৰিলে পাতল হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰি ল’ব । শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫ ।

Exit mobile version