Bicycle Auctioned : নিলাম হ’ল প্ৰব্ৰজনকাৰী শ্রমিকে পেলাই থৈ যোৱা ৫০০০ চাইকেল ! কিমান দামত বিক্ৰী হ’ল ?

1654424812 cycle

এয়া এক অন্য নিলামৰ কাহিনী ! দেশজুৰি তলাবন্ধ চলাকালীন গৃহমুখী হোৱাৰ পথত বিহাৰ আৰু উত্তৰ প্রদেশৰ প্ৰব্ৰজনকাৰী শ্রমিকে পেলাই থৈ যোৱা ৫,৪০০ চাইকেল নিলাম কৰিছে উত্তৰ প্রদেশৰ ছাহাৰানপুৰ জিলা প্রশাসনে ।

চাইকেলবোৰ নিলাম কৰি মুঠ সংগৃহীত অর্থৰ পৰিমাণ কিমান জানেনে ? ২১ লাখ টকা । সম্প্ৰতি প্ৰব্ৰজনকাৰী শ্রমিকসকলে থৈ যোৱা চাইকেল নিলামৰ টকা কোন ক্ষেত্ৰত ব্যয় কৰা যায়, তাক লৈ বিবেচনা কৰিব উত্তৰ প্রদেশ চৰকাৰে ।

২০২০ৰ আৰম্ভণিতে অতিমাৰী বিপর্যস্ত পৰিস্থিতিত হঠাৎ দেশজুৰি তলাবন্ধ ঘোষণা কৰা হয় । ফলত হাৰিয়ানা, পঞ্জাৱ, উত্তৰাখণ্ড, হিমাচলপ্রদেশত কাম কৰিবলৈ যোৱা প্রায় ২৫,০০০ শ্রমিকে চাইকেলেৰেই উত্তৰ প্রদেশ আৰু বিহাৰৰ বিভিন্ন অঞ্চলত নিজ বাসগৃহত উভতিছিল । ছাহাৰানপুৰ জিলা হ’ল হাৰিয়ানা, পঞ্জাৱ, হিমাচলপ্রদেশ আৰু উত্তৰাখণ্ডৰ অন্যতম সংযোগস্থল । শ্রমিকসকলে ছাহাৰানপুৰত উপস্থিত হোৱাৰ পাছত তাত তেওঁলোকক ৰখাই নিভৃতবাসত ৰখা হয় ।

পাছত প্রশাসনৰ তৰফৰ পৰাই তেওঁলোকক ঘৰলৈ উভতাৰ ব্যৱস্থা কৰি দিয়া হয় । ফলত চাইকেলবোৰ তাতেই থাকি যায় । পাছত প্রায় ১৪,০০০ শ্রমিকে আহি নিজৰ চাইকেল সংগ্রহ কৰি লৈ যায় যদিও প্রায় ৫,৪০০ চাইকেল তাতেই পৰিত্যক্ত অৱস্থাত পৰি আছিল । মুকলি আকাশৰ তলত প্রায় দুবছৰ চাইকেলবোৰ পৰি থকাত মামৰে ধৰিছে । দুবছৰ অপেক্ষা কৰাৰ পাছত চাইকেলবোৰ নিলাম কৰাৰ সিদ্ধান্ত লয় প্রশাসনে ।

Exit mobile version