Nails Care : তিনিটা ঘৰুৱা উপায় ব্যৱহাৰ কৰিলে নখ দীঘল হ’ব দ্রুত

সুন্দৰ, দীঘল, স্বাস্থ্যবান নখে সৌন্দর্য অধিক বৃদ্ধি কৰে । মহিলাসকলৰ মাজত দীঘল নখ ৰখাৰ প্রৱণতাই অধিক । অৱশ্যে অনেকৰেই চুলিৰ দৰে নখো সোনকালে দীঘল নহয় । বহু দিন অপেক্ষা কৰিও নখ ছুটিয়ে হৈ থাকে । অৱশ্যে কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰিলে অলপ দিনৰ ভিতৰতেই নখ দীঘল হ’ব ।

১) কিউটিকল অইল ব্যৱহাৰ কৰক : কাৰ্যলয়ৰ কাম, ঘৰৰ কাম কৰাৰ অন্যতম অস্ত্র দুহাতৰ ১০টা আঙুলি । নখ দীঘল কৰিব বিচাৰিলে সৰ্বপ্রথমে নখৰ যত্ন লোৱা প্রয়োজন । নখৰ চাৰিওপাশৰ ছাল বহু সময়ত শুকাই যায় । ফলত ক্ষতিগ্রস্ত হয় নখৰ কিউটিকল । কিউটিকল উঠি যায় । নিশা শোৱাৰ আগত নখৰ চুকত আৰু চাৰিওপাশৰ ছালত ভালকৈ কিউটিকল অ‌ইল লগাই ল’ব । অথবা পেট্র’লিয়ামজাত জেলিও ব্যৱহাৰ কৰিব পাৰে ।

২) আয়ৰন সমৃদ্ধ খাদ্য খাওক : বিশেষজ্ঞসকলৰ মতে, শৰীৰত আয়ৰনৰ নাটনিৰ বাবে নখ চোকা হোৱাৰ প্রৱণতা দেখা যায় । নখ সুস্থ, সুন্দৰ আৰু দীঘল কৰিবলৈ ছয়াবিন, কণী, ব্রকলি, পালং শাকৰ দৰে আয়ৰন সমৃদ্ধ খাদ্য খোৱা প্রয়োজন । ফলত শৰীৰত আয়ৰনৰ নাটও পূৰণ হয় নখো সুস্থ থাকে ।

৩) ময়শ্চাৰাইজাৰ ক্রীম ব্যৱহাৰ কৰক : নখ অত্যধিক আর্দ্র হৈ গ’লে বহু সময়ত দীঘল নহয় । নিশা শোৱাৰ আগত নখৰ চাৰিওপাশে ময়শ্চাৰাইজাৰ লগাব । এদিন কৰি বন্ধ কৰি দিলে নহ’ব । প্রতি দিনে এনে কৰিলে নখ নিজেই দীঘল হ’ব ।

Exit mobile version