New Truecaller Features : ট্রুকলাৰত নতুন পাঁচ ফিচাৰ, এই সুবিধা হ’ব আপোনাৰ

Truecaller IOS vs Android

আৰু প্রযুক্তিগত উন্নতি ঘটাইছে Truecallerত । শীঘ্রে পোৱা যাব এপৰ আৰু পাঁচটা বিশেষ ফিচাৰ । ২০২২ৰ প্রডাক্ট ৰোডমেপ শ্বেয়াৰ কৰি এই কথা জনাইছে কোম্পানিয়ে ।

New Truecaller Features : কি কয় কোম্পানিয়ে ?
Truecaller-ৰ তৰফৰ পৰা কোৱা হৈছে, চলিত বছৰতেই এণ্ড্ৰয়েড ব্যৱহাৰকাৰীসকলৰ বাবে নতুন ফিচাৰ আগবঢ়াব কোম্পানিয়ে । তথ্য অনুসৰি, আগন্তুক সপ্তাহতেই পৰিকল্পনা অনুযায়ী এই ফিচাৰত আপডেট আনিব বিচাৰিছে কোম্পানিয়ে । কোম্পানিয়ে জনাইছে, নতুন ট্রুকলাৰ ছেটিংছ অহা সপ্তাহৰ পৰা এণ্ড্ৰয়েড ফোনৰ বাবে প্রকাশ কৰা হ’ব । এই নতুন ফিচাৰবোৰে ব্যৱহাৰকাৰীসকলক কোনো সমস্যা নোহোৱাকৈ আৰু ভালকৈ এপ্ ব্যৱহাৰৰ সুযোগ দিব ।

জানি ল‌ওক কি বৈশিষ্ট্য লৈ আহিছে Truecaller

১) ভ‌ইচ কল লঞ্চাৰ

Truecaller ভ‌ইচ কল লঞ্চাৰ হ’ল এই এপ্ ব্যাৱহাৰকাৰীয়ে এটা ক্লিকতে আপোনাৰ সকলো কনটেক্টস উলিয়াব পাৰিব । যাৰ মাধ্যমত আপুনি Truecaller ভ‌ইচ (যি VoIP- ভিত্তিক কলিং)ৰ মাধ্যমত কথা পাতিব পাৰিব । যিয়ে দেখুৱাব যে আপোনাৰ কল লিষ্টত কোনে কোনে ট্রুকলাৰ ব্যৱহাৰ কৰে ।

২) এছএমএছৰ বাবে পাছকোড লক

এই ফিচাৰৰ সহায়ত আপুনি আপোনাৰ এছএমএছ সুৰক্ষিত ৰাখিব পাৰিব । আপোনাৰ ব্যক্তিগত তথ্যৰ অতিৰিক্ত নিৰাপত্তাৰ বাবে আপুনি পাছকোড লক/ফিংগাৰপ্রিন্ট চার্টিফিকেছন পাব ।

৩) অধিক কল লগৰ সুবিধা

Truecaller কল লগবোৰে এতিয়া আগৰ Truecaller সংস্কৰণতকৈ অধিক সুবিধা দিব । এহেজাৰ এন্ট্রিৰ পৰিৱর্তে এতিয়া ৬৪০০টা এন্ট্রি কৰিবলৈ সক্ষম হ’ব ।

৪) কল ৰিজন উন্নত কৰক

নতুন Truecaller এপৰ মাধ্যমত, আপুনি নিজেই ফোন কৰাৰ সময়ত ফোন কৰাৰ কাৰণ জনাব পাৰিব । ইয়াৰ ফলত আপোনাৰ কল অন্য ব্যক্তিয়ে নধৰিলে সেই ক্ষেত্রত আপুনি কল ৰিজন এড্ কৰিব পাৰিব । ফোনটো বাজি থাকিলে এই কাম কৰিব পাৰিব আপুনি । প্রয়োজন হ’লে কিয় কল কৰিছিল ‘কাষ্টম কল ৰিজন’ত টাইপ কৰিব পাৰিব ।

৫) ভিডিঅ’ কলাৰ আইডিৰ বাবে ফেচ ফিল্টাৰ

আপুনি ছেল্ফি আৰু ভিআৰ-চালিত ফিল্টাৰেৰে ট্রুকলাৰ ভিডিঅ’ কলাৰ আইডি তৈয়াৰ কৰিব পাৰিব ।আপুনি যদি এই নতুন বৈশিষ্ট্যবোৰ ব্যৱহাৰ কৰি চাব বিচাৰে, তেনেহ’লে মনত ৰাখিব আপুনি লেটেষ্ট Truecaller আপডেট কৰিব লাগিব । নতুন Truecallerৰ বাবে আপুনি Google Play Storeৰ পৰা Truecaller ডাউনলোড কৰিব পাৰিব ।

Exit mobile version