দিনটোৰ ৰাশিফল

16520814124194

মেষঃ (গৱেষকসকল কৰ্মত নতুন উৎসাহ পাব) কোনো সংবাদত মন ঠিক নাথাকিব পাৰে । কামৰ ওপৰত গুৰুত্ব দিয়ক । (প্ৰেমত শুভ ।)

বৃষঃ ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে । আনৰ কথাত মন বেয়া নকৰি স্বকৰ্মত মন দিয়ক । ব্যৱসায়ীসকল লেনদেনত বাধাপ্ৰাপ্ত হ’ব । শৰীৰৰ প্ৰতি নজৰ দিয়ক ।

মিথুনঃ সামগ্ৰিকভাৱে দিনটো ভালেই পাৰ হ’ব । কৰ্মক্ষেত্ৰত নিজৰ উদ্দেশ্য সাধনত চেষ্টা কৰক । নিবনুৱাৰ বাবে দিনটো শুভ বুলি ক’ব পাৰি ।

কৰ্কটঃ আনৰ ওপৰত নিৰ্ভৰ নকৰিব, হোৱা কামখিনি নহ’ব‌ও পাৰে । নতুনকৈ কোনো কামৰ সন্ধান পাব । ঘৰুৱা দায়িত্ব পালনত অৰ্থ ব্যয় হ’ব পাৰে ।

সিংহঃ নানা আহুকালৰ মাজেদি দিনটো পাৰ হ’ব বাবে সাৱধানে থাকক । কৰ্মস্থানত নতুন দায়িত্ব পৰিব । দাম্পত্যত জেদভাব ত্যাগ কৰক । ভ্ৰমণৰ বাবে যো-জা ।

কন্যাঃ আৰ্থিকত খৰচ বৃদ্ধি হ’লেও যি প্ৰয়োজনীয় কাৰণত হ’ব পাৰে । ক্ষেত্ৰ বিশেষ অৰ্থলাভৰ আশাও কৰিব পাৰে । পাৰিপাৰ্শ্বিক বিশেষ বাধা নাপাব । মাতৃৰ শৰীৰ ঠিকেই থাকিব ।

তুলাঃ দিনটো আপোনাৰ মোটামুটি ভালেই যাব । আৰ্থিকত প্ৰাপ্য ধন পোৱাৰ আশা কৰিব পাৰে । ব্যৱসায়ত আইনগত বাধা আহিব । ভ্ৰমণত দ্ৰব্য লাভৰ কাৰকতা ।

বৃশ্চিকঃ সামূহিক দৃষ্টিত খুব উন্নত দেখা নাযায় । বিদ্যাত অনুকূল । সুসংবাদ পাব । ঘৰুৱাত বেছি একো নাই । ব্যৱসায়ীসকলে আৰ্থিক সমস্যাৰ সমাধান হ’ব ।‌

ধনুঃ যোগ্যতাসম্পন্ন ব্যক্তিয়ে নিজৰ প্ৰায়বোৰ কামতে সুচল অনুভৱ কৰিব পাৰে । ভাই-ভনীৰ পৰা আনন্দ পাব । আৰ্থিকত বিশেষ বাধা নাপাব । দাম্পত্যত চিন্তা ।

মকৰঃ মান সন্মানৰ ক্ষেত্ৰত উৎসাহ পাব । পূৰ্বৰ তুলনাত মনৰ কঠোৰতা হ্ৰাস পাব । নতুন কৰ্ম সন্ধানৰ সম্ভাৱনা । বিদ্যাত শুভ । হঠাৎ আনন্দৰ কাৰক ।

কুম্ভঃ সামান্য উন্নত হ’লেও দুই-এটা ক্লেশায়ক কথাই মন গধুৰ কৰিব পাৰে । কিন্তু সতৰ্ক থাকিলে বহুতো হ্ৰাস পাব । ঘৰুৱা পৰিৱেশ মজলীয়া ।

মীনঃ অস্থিৰতা বৰ্জনৰ চেষ্টা কৰক । যানবাহনৰ পৰা সাৱধান । আকস্মিক আঘাতপ্ৰাপ্তিৰ সম্ভাৱনা । ব্যৱসায়ীসকলে সফলতা পাব ।

Exit mobile version