সাধনীৰ জীৱনক লৈ আধাৰিত নাট মঞ্চায়ন

ৰবীন্দ্ৰ ভৱনত দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিলে 'বীৰাংগনা'ই

WhatsApp Image 2022 06 06 at 4.56.24 PM

অসমীয়া নাৰীসমাজৰ স্বাভিমানৰ প্ৰতীকস্বৰূপ তথা এছিয়া মহাদেশৰ ভিতৰত প্ৰথম নাৰী বাহিনী গঠন কৰি যুদ্ধ ক্ষেত্ৰত জপিয়াই পৰা বীৰাংগণা সতী সাধনীৰ জীৱনক লৈ আধাৰিত নাট বীৰাংগনাই দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয় । গুৱাহাটী মহানগৰীত বসবাস কৰা চুতীয়া সমাজৰ উদ্যোগত আৰু অসমৰ চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত যোৱা দেওবাৰে মঞ্চায়ন হোৱা ‘বীৰাংগনা’ শীর্ষক নাটখনেই ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ হোৱা চুতীয়া ৰাজশাসনৰ ওপৰত আধাৰিত প্ৰথমখন নাট ।

ফলত মৃত্যুঞ্জয়ী আদৰ্শ আৰু বীৰত্বৰে মহীয়ান চুতীয়া ৰাজশাসনৰ শেষৰগৰাকী ৰাণী তথা বীৰাংগনা সাধনীৰ জীৱন আধাৰিত নাটখন প্ৰায় চাৰি শতাধিক লোকে উপভোগ কৰাৰ লগতে নাটখনৰ কলা-কৌশলীসকলে দুৰ্দান্ত অভিনয়ৰ মাজৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় ।

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ড৹ দেৱজিৎ খনিকৰে উদ্ধোধন কৰা তথা শস্য উদ্যান বিভাগৰ সঞ্চালক তৰংগ ভাৰতী বৰা, প্ৰজোযক গৰিমা শইকীয়া গাৰ্গ, চুতীয়া উন্নয়ন পৰিষদৰ উপাধ্যক্ষ জ্যোতিপ্ৰসাদ চুতীয়াৰ সাধনীৰ প্ৰতিচ্চবিত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত নাট মঞ্চস্থৰ পূৰ্বে অসমীয়া সমাজ জীৱনলৈ সেৱা আগবঢ়োৱা তথা চুতীয়া জনগোষ্ঠীৰ সু-সন্তানৰ বতাহঘূলিৰ অৱসৰপ্ৰাপ্ত অবৰ সচিব গগন চন্দ্ৰ চুতীয়া, সৰুমটৰিয়াৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ধীৰেন্দ্ৰ নাথ শইকীয়া, সমাজ কল্যাণ বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক গিৰীন ভূঞা, বিশিষ্ট বৈজ্ঞানিক ড৹ জয়ন্তী চুতীয়া, হাতীগাঁৱৰ বোপাৰাম ভাজনী, এবিচিৰ ভৰত শইকীয়া আৰু কাহিলীপাৰাৰ অনন্ত নেওগক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয় ।

উল্লেখ্য যে মঞ্চস্থ হোৱা নাটখনৰ নাট্যদলটো মৰাণ লেঙেৰীৰ তথা বহু কেইগৰাকী প্ৰতিভাবান অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰা নাটকখনৰ সংগীত সুভাষ গগৈ, নাট্যকাৰ লীলা চুতীয়া আৰু পৰিচালনা ভৈৰৱ কুমাৰ ফুকনৰ । বীৰাংগনা সতী সাধনীৰ জীৱন আধাৰিত নাট ‘বীৰাংগনা’ত মূল চৰিত্ৰ-ধৰ্মধ্বজপাল অভিনয় কৰে পবিত্ৰ বুঢ়াগোহাঁই, সাধনীৰ চৰিত্ৰত অভিনয় কৰে পাহাৰী গগৈয়ে, নীতিপাল চৰিত্ৰত হীৰকজ্যোতি গগৈ আৰু কনচেং বৰপাত্ৰগোঁহাই চৰিত্ৰত অভিনয় কৰে যতীন বুঢ়াগোহাঁইয়ে ।

নাটখনৰ সুন্দৰ দৃশ্যৰূপ আৰু প্ৰতি গৰাকী অভিনেতা-অভিনেত্ৰীৰ সুন্দৰ অভিনয়ৰে প্ৰতি গৰাকী দৰ্শকক আপ্লুত কৰাৰ লগতে উদ্যোক্তাসকল ক্ৰমে যুৱ সাংবাদিক ৰন্টু নেওগ, অগপ নেতা দিব্য ৰাজখোৱা, জ্ঞানেন চুতীয়া আৰু কুণ্ডিল চুতীয়াৰ প্ৰচেষ্টাক সকলোৱে শলাগ লয় । লগতে বীৰাংগনা সাধনীৰ ত্যাগ আৰু পৰাক্ৰমী ইতিহাসৰ বহু নজনা কথা নাটকখনৰ জৰিয়তে সফলভাৱে প্ৰকাশ কৰিবলৈ সক্ষম হৈছে নাট্য দল ।

Exit mobile version