COVID-19 : ক’ভিড আপডেট

0.99139900 1588439896 43

৩৪ দিনৰ পাছত দেশত পুনৰ দৈনিক কৰ’না সংক্রমণৰ হাৰ এক শতাংশৰ ওপৰত হ’ল । লগতে, কেন্দ্রীয় স্বাস্থ্যমন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী সোমবাৰে দেশত কৰ’না আক্রান্তৰ সংখ্যাও পুনৰ কিছু বৃদ্ধি পালে ।

বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ চাৰি হেজাৰ ৫১৮ জন কৰ’না আক্রান্ত হৈছে । দেওবাৰে এই সংখ্যা আছিল চাৰি হেজাৰ ২৭০ জন । নতুনকৈ আক্রান্তৰ সংখ্যা বঢ়াৰ পাছত দেশত মুঠ কৰ’না আক্রান্তৰ সংখ্যা বাঢ়ি হ’ল চাৰি কোটি ৩১ লাখ ৮১ হেজাৰ ৩৩৫ । সক্রিয় কৰ’না আক্রান্তৰ সংখ্যা ২৫ হেজাৰ ৭৮২ ।

দেশত বিগত ২৪ ঘণ্টাত কৰ’না আক্রান্ত হৈ নজনৰ মৃত্যু হৈছে । মুঠ মৃতৰ সংখ্যা হৈছে পাঁচ লাখ ২৪ হেজাৰ ৭০১ জন ।

উদ্বেগ বৃদ্ধি কৰি দৈনিক আক্রান্তৰ নিৰিখত শীর্ষত আছে কেৰালা । কেৰালাত যোৱা ২৪ ঘণ্টাত মুঠ এহেজাৰ ৫৪৪ জন কৰ’না আক্রান্ত হৈছে । ইয়াৰ পাছতেই আছে মহাৰাষ্ট্র । মহাৰাষ্ট্রত বিগত এদিনত আক্রান্ত হৈছে এহেজাৰ ৪৯৪ জন ।

Exit mobile version