Gyanvapi Mosque : মছজিদ কমিটীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন, সোমবাৰে শুনিব বাৰাণসী আদালতে

India Mosque Dispute 49025.jpg febc1

জ্ঞানবাপী মছজিদ সন্দৰ্ভত আইনী যুঁজ অব্যাহত । তাৰ মাজতেই সোমবাৰে মছজিদ চৌহদৰ বিতর্কিত অংশত ওজু কৰিবৰ বাবে মছজিদ পৰিচালনা কমিটীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ আবেদন শুনিব বাৰাণসী আদালতে ।

সোমবাৰৰ শুনানিত স্পেচিয়েল চিফ জুডিছিয়েল মেজিষ্ট্ৰেট সমর্থমা নাগেশ বর্মা‌ই সিদ্ধান্ত ল’ব যে, অঞ্জুমান ইন্তেজামিয়া মছজিদ কমিটীৰ যুগ্ম সম্পাদক আৰু ওজুখানাত ওজু কৰা শতাধিক ব্যক্তিৰ বিৰুদ্ধে গোচৰ দাখিল কৰাৰ আবেদন অব্যাহত ৰাখিব নে নাই ।

লগতে জ্ঞানবাপী মছজিদত প্রার্থনা কৰাৰ আবেদন জনাই স্বামী অভিমুক্তেশ্বৰানন্দ‌ই কৰা আবেদন গ্রহণ কৰিব বাৰাণসী জিলা আদালতে । আদালতত গ্রীষ্মৰ ছুটি থকাত অবকাশকালীন বেঞ্চক শুনানিৰ আবেদন জনোৱা হৈছে ।

ওজু হ’ল নামাজৰ আগত শৰীৰ শুদ্ধিকৰণৰ এটা প্রক্রিয়া । ওজু কৰাৰ সময়ত শৰীৰৰ বিভিন্ন অংগক পানীৰে পৰিষ্কাৰ কৰা হয় । ২০২১-ৰ আগষ্টত পাঁচগৰাকী হিন্দু মহিলাই জ্ঞানবাপীৰ ‘মা শৃংগাৰ গৌৰী’ (ওজুখানা আৰু তহখানা নামে পৰিচিত) আৰু মছজিদৰ ভিতৰৰ পশ্চিমৰ দেৱালত দেৱ-দেৱীৰ মূর্তিৰ অস্তিত্বৰ দাবী কৰি তাত পূজা অর্চনাৰ অনুমতি বিছাৰিছিল বাৰাণসী দায়ৰা আদালতত । ইয়াৰ পাছতে দায়ৰা আদালতত নিযুক্ত কমিটীয়ে মছজিদৰ ভিতৰত সমীক্ষা আৰু ভিডিঅ’গ্রাফিৰ নির্দেশ দি পর্যৱেক্ষক দল গঠন কৰে ।

আদালতৰ নির্দেশিত জৰিপৰ সময়ত মছজিদৰ ওজুখানাত থকা গম্বুজাকৃতি কাঠামো প্ৰকৃততে এটা শিৱলিংগ বুলি দাবী কৰে হিন্দু গোচৰকাৰীসকলে । অৱশ্যে মছজিদ পৰিচালনা কমিটীৰ তৰফৰ পৰা জনোৱা হয় যে, এইটো প্ৰকৃততে এটা জুৰিৰ বাহিৰে একো নহয় ।

Exit mobile version