কিছুদিন পূৰ্বে জামিনত কাৰাগাৰৰ পৰা মুক্তি পাইছে বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রী লালুপ্রসাদ যাদৱে । অৱশ্যে এতিয়াও মাজে সময়ে তেওঁৰ বাসগৃহ আৰু কাৰ্যালয়ত তালাচী চলায় কেন্দ্রীয় তদন্তকাৰী সংস্থাই । এই পৰিপ্রেক্ষিতত বিজেপিক কটাক্ষ কৰিলে লালুৱে । দাবী কৰিলে, ভাৰতে ক্রমশ গৃহযুদ্ধৰ দিশে গতি কৰিছে ।
দেওবাৰে পটনাত ‘সম্পূর্ণ ক্রান্তি দিৱস’ উপলক্ষে এটা মঞ্চত উপস্থিত হৈছিল বিজেপি, জেডিইউ আৰু আৰজেডি নেতাসকল । আৰজেডি প্রধান লালুক আমন্ত্রণ কৰা হৈছিল যদিও স্বাস্থ্যজনিত কাৰণত তেওঁ উপস্থিত থাকিব নোৱাৰে । অৱশ্যে এটা ভিডিঅ’ বার্তা প্ৰেৰণ কৰিছে । ভিডিঅ’টোত নিবনুৱা, মুদ্রাস্ফীতিৰ দৰে বিষয়ত কেন্দ্রীয় চৰকাৰক আক্রমণ কৰে লালুৱে ।
প্রথমে লোকনায়ক জয়প্রকাশ নাৰায়ণক সন্মান জনাই লালুৰ বক্তব্য, ৪৮ বছৰ আগতে যি একনায়কতন্ত্রৰ বিৰুদ্ধে আন্দোলনত নামিছিল তেওঁলোক, দেশত পুনৰ সেই পৰিস্থিতিৰ সৃষ্টি হৈছে । তেওঁ কয়, ‘‘দেশৰ ভ্রাতৃত্ব আৰু একতা নষ্ট কৰিব বিচাৰিছে বিজেপিয়ে । যিদৰে বিজেপিয়ে কাম কৰিছে, ইয়াৰ ফলত গৃহযুদ্ধৰ দিশে আগবাঢ়িছে ভাৰত ।’’ লালুৱে আৰু কয়, ‘‘মুদ্রাস্ফীতি, নিবনুৱা আৰু দুর্নীতিৰ বিৰুদ্ধে সকলোৱে একজোঁট হ’ব লাগিব । সংঘবদ্ধভাৱে যুঁজিলেহে আমি জয়ী হ’ম ।’’
বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রীৰ এই বক্তব্যৰ প্রতিক্রিয়া কৰিছে পটনাৰ সাংসদ তথা কেন্দ্রীয় মন্ত্রী ৰবিশংকৰ প্রসাদে । তেওঁ কয়, ‘‘দুর্নীতিমুক্ত নতুন বিহাৰৰ আহ্বান কৰিছিল জয়প্রকাশ নাৰায়ণে । কিন্তু আজি যিসকলে দুর্নীতিৰ বিৰুদ্ধে আন্দোলনৰ কথা কৈছে, তেওঁলোক নিজেই দুর্নীতিত জড়িত হৈ আছে ।’’