তৃতীয় স্থান দখলেৰে হাইমাদ্ৰাছা পৰীক্ষাত উজ্বলিল লখিমপুৰৰ দৌলতপুৰৰ শ্বাহনাজ

WhatsApp Image 2022 06 07 at 1.01.39 PM

হাই মাদ্ৰাছা পৰীক্ষাত তৃতীয় স্থান দখল কৰি লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে নাওবৈছাৰ দৌলতপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী শ্বাহনাজ পাৰবীনে (৫৪৯) ৷ দৰিদ্ৰতাৰ মাজেৰে কঠোৰ সংগ্ৰাম কৰি সফলতা লাভ কৰিবলৈ সক্ষম হোৱা শ্বাহনাজৰ পিতৃৰ আঠ বছৰৰ পূৰ্বে মৃত্যু ঘটিছে ৷

চিকিৎসক হোৱাৰ আশা মনত পুহি ৰখা শ্বাহনাজে দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ’ব নোৱাৰে বুলি মন্তব্য কৰে ৷ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষকতা কৰি তেওঁৰ মাতৃ খুদেছা বেগমে অত্যন্ত কষ্টেৰে শ্বাহনাজক পঢ়াৰ সুবিধা দিছিল ৷

Exit mobile version