মংগলবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি শীৰ্ষ ১০টা স্হানত তেজপুৰৰ কল্লোল বিশ্বাসৰ নাম৷তেজপুৰ চেক্ৰেড হাৰ্ট বিদ্যালয়ৰ ছাত্ৰ কল্লোল৷মেধাবী ছাত্ৰজনৰ সাফল্যত উৎসাহৰ ঢৌ বিদ্যালয়ত৷তেজপুৰৰ ব্যৱসায়ী দীপক বিশ্বাস আৰু উমা বিশ্বাসৰ পুত্ৰ কল্লোলে দৰং মহাবিদ্যালয়তে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নাম ভৰ্তি কৰিব৷গান শুনি ভালপোৱা কল্লোলে দৈনিক পাঁচ-ছয় ঘন্টা অধ্যয়ন কৰিছিল৷তেওঁ ভৱিষ্যতে মহাকাশ অভিযান্ত্ৰিক পাঠ্যক্ৰম অধ্যয়নৰ ইচ্ছা আছে বুলি কয়৷কল্লোলে মুঠ ৫৮৮ নম্বৰ লাভ কৰিছে৷
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল : দশমত তেজপুৰৰ কল্লোল
কল্লোলে মুঠ ৫৮৮ নম্বৰ লাভ কৰিছে ৷ ভৱিষ্যতে মহাকাশ অভিযান্ত্ৰিক পাঠ্যক্ৰম অধ্যয়নৰ ইচ্ছা আছে বুলি কয়৷
