দিনটোৰ ৰাশিফল

SEI 96594073

মেষঃ পিছবেলা কোনো ক্ষেত্ৰত নিৰাশ হ’ব পাৰে প্ৰয়োজনীয় ক্ষেত্ৰত সেয়ে সাৱধানে চলক । দাম্পত্যত মধ্যম । শৰীৰ ভাল হ’লেও উদ্বেগ এৰাব নোৱাৰিব । শুভ ৰং বগা, শুভ সংখ্যা ১ ।

বৃষঃ উৎকণ্ঠাৰে কটাব লগা হ’ব পাৰে । কৰ্মতো মন চঞ্চল হ’ব পাৰে । কোনো খবৰত বৰ সুখী নহ’ব । আৰ্থিকত চিন্তা । প্ৰেমত শুভ । শুভ ৰং মুগা, শুভ সংখ্যা ৫ ।

মিথুনঃ আৰ্থিকৰ বাবে কৰা চেষ্টাত কিছু সফল দেখিব । আনহাতে বুজন পৰিমাণৰ খৰচৰ বাবেও প্ৰস্তুত থকাটো ভাল । বিদ্যাতো চিন্তা কম যদিও ব্যস্ততা থাকিব । শুভ ৰং ৰঙা, শুভ সংখ্যা ২ ।

কৰ্কটঃ কাৰ্যকৰী সংযোগত অনুকূল । আৰ্থিকতো আশাপ্ৰদ । কিন্তু সাময়িক উৎকণ্ঠা থাকিব । পঢ়াত মধ্যম । হঠাৎ কোনো সমস্যাৰ সন্মুখীন হ’লেও দুশ্চিন্তা নকৰিব । শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩ ।

সিংহঃ অধীৰ আগ্ৰহেৰে কোনো অনিশ্চিত কামৰ বাবে চেষ্টা নকৰি গতানুগতিক বিভিন্ন কামত মন দিয়াটো ভাল । বিদ্যাৰ্থীয়ে অতি দৰকাৰী পাঠত গুৰুত্ব দিয়ক । আবেলি কিছু উন্নত । শুভ ৰং কমলা, শুভ সংখ্যা ৬ ।

কন্যাঃ কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ । শৰীৰ পিছে খুব ভালেৰে যোৱা টান । ব্যৱসায়ত মৰাৰ ফল পাব । শুভ ৰং ক্ৰীম, শুভ সংখ্যা ২ ।

তুলাঃ কৰ্মতৎপৰতা বৃদ্ধি পাব । তাৰ পৰা নতুন কৰ্মচাৰীয়ে প্ৰশংসিত হ’ব । আৰ্থিকত খুব বেয়া নহ’ব । দাম্পত্যত মধ্যম । বিদ্যাত উন্নতি । শুভ ৰং নীলা, শুভ সংখ্যা ৭ ।

বৃশ্চিকঃ পিতৃ-মাতৃৰ বাবে সামান্য চিন্তা । দাম্পত্যত কিছু চিন্তা থাকিব । অৱশ্যে বিবাহ বা জীৱিকাৰ উন্নতি হ’ব । আৰ্থিক দিশত শুভ । শুভ ৰং বগা, শুভ সংখ্যা ৯ ।

ধনুঃ ক্ৰমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ অশান্তি দেখা যায় । দাম্পত্যত তেনে আভাস আছে । শৰীৰ মধ্যম । পৰাপক্ষত স্পষ্টভাষী হ’বলৈ যত্ন কৰক । শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৪ ।

মকৰঃ মনত ফৰকাল নাৰাখিব । কৰ্মক্ষেত্ৰত অৱশ্যে কিছু দায়িত্ব পৰিব‌ও পাৰে । ঘৰুৱা কথাত সামান্য উদাসীনতা । ভ্ৰমণত কষ্ট । শুভ ৰং ক’লা, শুভ সংখ্যা ৮ ।

কুম্ভঃ নিজৰ ভাবমূৰ্তিৰ প্ৰতি আপোনাৰ থকা দৃঢ়তা ৰক্ষা কৰিব পাৰিব । বিয়া-বাৰুৰ কথা-বতৰাত আগুৱাব । সুকুমাৰ কলা পিল্পীত অনুকূল । শুভ ৰং ক’লা, শুভ সংখ্যা ১ ।

মীনঃ কিছু সন্দেহ আৰু কষ্টেৰে কামত আগবাঢ়িলে খুব আহুকালত পৰিব নালাগিব । শৰীৰ মধ্যম মূল কথাত মন দিয়ক কিছু হ’লেও কৃতকাৰ্য হ’ব‌ই ভ্ৰমণৰ সম্ভাৱনা আছে । শুভ ৰং কমলা, শুভ সংখ্যা ৫ ।

Exit mobile version