সালসলনিৰ পাছত অসম মন্ত্ৰীসভা

Janata Bhawan

সালসলনি কৰা হ’ল মন্ত্ৰীসভাৰ দায়িত্ব । এই সালসলনিৰ পাছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বত আছে গৃহ, কৰ্মী প্ৰশাসন, লোক নিৰ্মাণ আৰু আন মন্ত্ৰীক দায়িত্ব নিদিয়া বিভাগসমূহ ।

মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ দায়িত্বত আছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, সাধাৰণ প্ৰশাসন ।

মন্ত্ৰী অতুল বৰাৰ দায়িত্বত কৃষি, উদ্যান শস্য, পশুপালন আৰু পশু চিকিৎসা, সীমান্ত অঞ্চল উন্নয়ন, অসম চুক্তি ৰূপায়ন ।

মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ দায়িত্বত হস্ততাঁত আৰু বস্ত্ৰশিল্প, ভূমি সংৰক্ষণ, বড়োলেণ্ড কল্যাণ ।

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ দায়িত্বত বন আৰু পৰিৱেশ, এক্ট ইষ্ট পলিচী পৰিক্ৰমা, সংখ্যালঘু কল্যাণ ।

মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ দায়িত্বত পৰিবহন, মীন, আবকাৰী ।

মন্ত্ৰী কেশৱ মহন্তক দিয়া হৈছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, মেডিকেল শিক্ষা আৰু গৱেষণা, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য প্ৰযুক্তি বিভাগৰ দায়িত্ব ।

মন্ত্ৰী ডাঃ ৰণোজ পেগুক দিয়া হৈছে শিক্ষা (উচ্চ, মাধ্যমিক আৰু প্ৰাথমিক), জনজাতি কল্যাণ, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি (পুথিভঁৰাল আৰু সংগ্ৰাহালয় সঞ্চালকালয়) বিভাগৰ দায়িত্ব ।

মন্ত্ৰী অশোক সিংঘালক হাউছিং আৰু নগৰ পৰিক্ৰমা, জলসিঞ্চন বিভাগৰ দায়িত্ব দিয়া হৈছে ।

মন্ত্ৰী যোগেন মহনক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে ।

মন্ত্ৰী সঞ্জয় কিষাণক দিয়া হৈছে চাহ জনগোষ্ঠী কল্যাণ, শ্ৰমিক কল্যাণ বিভাগৰ দায়িত্ব ।

মন্ত্ৰী অজন্তা নেওগক দিয়া হৈছে বিত্ত, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ দায়িত্ব ।

মন্ত্ৰী পিযুষ হাজৰিকাক জলসম্পদ তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা, সামাজিক ন্যায় আৰু সৱলীকৰণৰ দায়িত্ব দি‌য়া হৈছে ।

মন্ত্ৰী বিমল বৰাক উদ্যোগ আৰু বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠানৰ দায়িত্ব দিয়া হৈছে ।

মন্ত্ৰী নন্দিতা গৰ্লোছাক দিয়া হৈছে শক্তি, সমবায়, খনি আৰু খনিজ সম্পদ, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ দায়িত্ব ।

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা, পৰ্যটন বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে ।

Exit mobile version