COVID-19 : ক’ভিড আপডেট

1648103553 1644848831 covid

দেশজুৰি উদ্বেগ বৃদ্ধি কৰিছে কৰ’নাই । ৪০ শতাংশ বৃদ্ধি পালে কৰ’নাত দৈনিক আক্রান্তৰ সংখ্যা । লগতে আক্রান্তৰ নিৰিখত দুহেজাৰৰ ঘৰ অতিক্ৰম কৰিলে মহাৰাষ্ট্র আৰু কেৰালাত । উদ্বেগ বৃদ্ধি কৰি দৈনিক আক্রান্তৰ নিৰিখত কেৰালাক পিছ পেলাই শীর্ষত মহাৰাষ্ট্র ।

মহাৰাষ্ট্রত বিগত ২৪ ঘণ্টাত মুঠ দুহেজাৰ ৭০১ জন কৰ’না আক্রান্ত হৈছে । ইয়াৰ পাছতেই আছে কেৰালা । তাত যোৱা এদিনত আক্রান্ত হৈছে দুহেজাৰ ২৭১ জন । মহাৰাষ্ট্রত কৰ’না আক্রান্তৰ সংখ্যা বিগত পাঁচ দিনত উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে । লগতে, বিগত কে’বাসপ্তাহ পাছত মহাৰাষ্ট্রত কৰ’না সংক্রামিতৰ দৈনিক গড় ডেৰ হেজাৰ চুইছে ।

কেন্দ্রীয় স্বাস্থ্যমন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ সাত হেজাৰ ২৪০ জন কৰ’না আক্রান্ত হৈছে । বুধবাৰে এই সংখ্যা আছিল পাঁচ হেজাৰ ২৩৩ ।

নতুনকৈ আক্রান্তৰ সংখ্যা বঢ়াৰ পাছত দেশত মুঠ কৰ’না আক্রান্তৰ সংখ্যা বাঢ়ি হৈছে চাৰি কোটি ৩১ লাখ ৯৭ হেজাৰ ৫২২ । সক্রিয় কৰ’না আক্রান্তৰ সংখ্যা ৩২ হেজাৰ ৪৯৮ ।

দেশত বিগত ২৪ ঘণ্টাত কৰ’না আক্রান্ত হৈ আঠজনৰ মৃত্যু হৈছে । মুঠ মৃতৰ সংখ্যা বাঢ়ি হৈছে পাঁচ লাখ ২৪ হেজাৰ ৭২৩ জন ।

Exit mobile version