COVID Update India : দেশত কৰ’নাত আক্রান্ত হৈ দৈনিক মৃতৰ সংখ্যা বৃদ্ধি !

বিগত ২৪ ঘণ্টাত আক্রান্ত ৭,৫৮৪

rt 1200 150621073405

দেশজুৰি পুনৰ ক’ভিডে উদ্বেগ বৃদ্ধি কৰিছে । শুকুৰবাৰে বৃদ্ধি পালে কৰ’না আক্রান্ত হৈ মৃত্যুৰ সংখ্যা । কেন্দ্রীয় স্বাস্থ্যমন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশত ২৪ জনৰ মৃত্যু হৈছে । বৃহস্পতিবাৰ এই সংখ্যা আছিল আঠ । ২৪ জনৰ ভিতৰত কেৱল কেৰালাৰেই ১৭ জন । অৱশ্যে আগতে মৃত কিছু নামো এই তালিকাত যোগ কৰিছে কেৰালাই । দেশত মুঠ মৃতৰ সংখ্যা বাঢ়ি হৈছে পাঁচ লাখ ২৪ হেজাৰ ৭৪৭ জন ।

লগতে বৃদ্ধি পাইছে কৰ’নাত দৈনিক আক্রান্তৰ সংখ্যাও । বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ সাত হেজাৰ ৫৮৪ জন কৰ’না আক্রান্ত হৈছে । বৃহস্পতিবাৰে এই সংখ্যা আছিল সাত হেজাৰ ২৪০ । নতুনকৈ আক্রান্তৰ সংখ্যা বঢ়াৰ পাছত দেশত মুঠ কৰ’না আক্রান্তৰ সংখ্যা বাঢ়ি হৈছে চাৰি কোটি ৩২ লাখ পাঁচ হেজাৰ ১০৬ । সক্রিয় কৰ’না আক্রান্তৰ সংখ্যা ৩৬ হেজাৰ ২৬৭ । সুস্থ হৈছে তিনি হেজাৰ ৭৯১ জন । সুস্থতাৰ হাৰ ৯৮.৭০ শতাংশ ।

এই পর্যন্ত দেশত মুঠ ১৯৪.৭৬ কোটি টিকা দিয়া হৈছে ।

বৃহস্পতিবাৰে আক্রান্তৰ নিৰিখত দুহেজাৰৰ ঘৰ অতিক্ৰম কৰিছে মহাৰাষ্ট্র আৰু কেৰালাই । উদ্বেগ বঢ়াই দৈনিক আক্রান্তৰ নিৰিখত কেৰালক পিছ পেলাই শীর্ষত মহাৰাষ্ট্র । মহাৰাষ্ট্রত যোৱা ২৪ ঘণ্টাত মুঠ দুহেজাৰ ৮১৩ জন কৰ’না আক্রান্ত হৈছে ।

ইয়াৰ পাছতেই আছে কেৰালা । এই ৰাজ্যখনত বিগত এদিনত আক্রান্ত হৈছে দুহেজাৰ ১৯৩ জন । মহাৰাষ্ট্রত কৰ’না আক্রান্তৰ সংখ্যা বিগত কিছু দিনত উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে । লগতে, মহাৰাষ্ট্রত কৰ’না সংক্রামিতৰ দৈনিক গড় ডেৰ হেজাৰ চুইছে ।

Exit mobile version