Sidhu Moose Wala Murder : সিধু মুছে ৱালা হত্যাকাণ্ডত পঞ্জাৱ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিলে আন এজন ছার্পশ্বুটাৰক

sidhu moose wala used to visit the bus stop to protect girl students from eve teasers also paid fees for their education read on 001

সিধু মুছে ৱালা হত্যাকাণ্ডত আন এজন ছার্পশ্বুটাৰক আটক কৰিলে পঞ্জাৱ আৰক্ষীয়ে । গায়ক আৰু কংগ্রেছ নেতা সিধুক হত্যাৰ অভিযোগত হৰকমল ৰানু নামে এজনক গ্রেপ্তাৰ কৰা হৈছে । ধৃত যুৱকজন ভাতিণ্ডা জিলাৰ বাসিন্দা ।

বৃহস্পতিবাৰে সিধু হত্যাকাণ্ডত কেশৱ নামে আন এজন ছার্পশ্বুটাৰক গ্রেপ্তাৰ কৰিছিল আৰক্ষীয়ে । যোৱা ২৯ মে’ত আত্মীয়ৰ ঘৰত যোৱাৰ পথত আক্ৰমণকাৰীৰ গুলীত নিহত হয় সিধু । হত্যাৰ দিনাখন সন্দীপ সিং ওৰফে কেকদাৰ স’তে দেখা হৈছিল কেশৱৰ । হত্যাৰ ঠিক আগমুহূৰ্তত পঞ্জাৱী গায়কৰ স’তে ছেল্ফি তুলিছিল সন্দীপে । পূৰ্বেই সন্দীপক গ্রেপ্তাৰ কৰা হৈছে । আৰক্ষী সূত্রে জানিব পৰা গৈছে, যোৱা ২৯ মে’ত সিধুৰ বাসগৃহ সংলগ্ন অঞ্চলত ৰেইকি কৰাত কেশৱক সহায় কৰিছিল সন্দীপে । হত্যাকাৰীসকলৰ অস্ত্র সৰবৰাহ কৰিছিল বুলি অভিযোগ উঠিছে কেশৱৰ বিৰুদ্ধে । তেওঁৰ সহযোগী চেতনক আগতেই গ্রেফশপ্তাৰ কৰিছে আৰক্ষীয়ে ।

ইপিনে, সিধু মুছে ৱালাক হত্যা কৰা বুলি স্বীকাৰ কৰিছে গেংষ্টাৰ গোল্ডি ব্রাৰে । এই গেংষ্টাৰৰ বিৰুদ্ধে ৰেড কর্নাৰ জাননী (আৰচিএন) জাৰি কৰিছে ইন্টাৰপোলে । হত্যাৰ ঘটনাত গোল্ডি ব্রাৰে দোষ স্বীকাৰ কৰাৰ পাছৰ পৰাই তেওঁক হেফাজতত লোৱাৰ চেষ্টা চলাইছে পঞ্জাৱ আৰক্ষীয়ে । গোল্ডিক হেফাজতত ল’বলৈ ৰেড কর্নাৰ জাননী জাৰি কৰাৰ বাবে চিবিআই-ক আবেদন কৰিছিল পঞ্জাৱ আৰক্ষীয়ে ।

চলিত বছৰৰ আৰম্ভণিতে পঞ্জাৱ বিধানসভা নির্বাচনত কংগ্রেছৰ টিকিটত প্রতিদ্বন্দ্বিতা কৰে সিধুৱে । আম আদমি পার্টিৰ প্রার্থী বিজয় সিংলাক ৬৩ হেজাৰ ভোটৰ ব্যৱধানত পৰাজিত হয় পঞ্জাৱী গায়ক ।

Exit mobile version