দিনটোৰ ৰাশিফল

16520814124194

মেষঃ মধ্যম যোগাযোগ । বন্ধু-বান্ধৱৰ পৰা উৎসাহ পাব । কোনো মাংগলিক কৰ্মত কোনোৱে ব্যস্ত হৈ পৰিব পাৰে । আপুনি ভৱিষ্যতৰ আঁচনি প্ৰস্তুত কৰাৰ কথা ভাবক । দাম্পত্যত সাধাৰণ উৎকণ্ঠা ।

বৃষঃ শৰীৰ মন ভালেৰে ৰখা যত্ন কৰক । অনাহক বা হকেই হক ধৈৰ্য ধৰি সমস্যা নিয়ন্ত্ৰণ কৰক । আৰ্থিকত অলপ চিন্তা থাকিব । ঘৰুৱা লোকৰ লগত বৰ বুজাপৰা থাকিলেও সন্তুষ্ট নহ’ব ।

মিথুনঃ কৰ্মক্ষেত্ৰত বাধা নাপাব যদিও একেবাৰে নিশ্চিন্ত‌ও হ’ব নালাগে । দুটা-এটা যুক্তিপূৰ্ণ কথাত নিজৰ ব্যক্তিত্ব দেখুৱাব পাৰিব । খৰচ-পাতি বৃদ্ধিৰ কাৰক । দাম্পত্যত মধ্যম । বিদ্যাত বাধা কম ।

কৰ্কটঃ আৰ্থিক উন্নতিৰ সুযোগ । কোনো অৰ্থকৰী দিশত যোগাযোগ কৰি উৎসাহিত হ’ব পাৰে । পাৰিপাৰ্শ্বিকলৈ বেছি চিন্তা নকৰিব । সন্তান, দাম্পত্য, কৰ্মাদিত সাধাৰণ ক্লেশ । ঘৰুৱাত মধ্যম ।

সিংহঃ প্ৰায় শুভ দিন । কিন্তু জীৱনত গুৰু দুৰ্বল থাকিলে প্ৰাপ্য সুযোগৰ পৰা সামান্য হ’লেও নিৰাশ হ’ব । সামগ্ৰিকভাৱে আপুনি বিভিন্ন যোগাযোগত উৎসাহ পাব । বিদ্যাত মন দিলে সুনাম হ’ব ।

কন্যাঃ মনোজ্ঞ কথাৰ বাবে আনন্দিত হ’ব । কৰ্মস্থানত বেয়া নহ’ব । কোনো স্পষ্টবাদীৰ বাবে অলপ অসুবিধা আহিব যদিও পাছত খুব বেয়া নহ’ব । দাম্পত্যত মধ্যম । পঢ়া-শুনাত মন দিয়ক ।

তুলাঃ তুলনামূলকভাৱে বিচিত্ৰ যোগাযোগ হ’ব পাৰে । তাৰ ভিতৰত অনুকূলৰ মাত্ৰা বেছি । ব্যৱসায়ীৰ দিশত মন্থৰতা থাকিব । প্ৰেমত শুভ । দাম্পত্যত অসুস্থ । বিদ্যাত গতানুগতিক ।

বৃশ্চিকঃ আইন সম্পৰ্কীয় কথাত বেছি মনোযোগ নিদিব । কিন্তু চলি থকা মামলাদিত নজৰ দিয়ক । ঘৰুৱা মধ্যম । পাৰিলে দৰকাৰী কৰো বোলা কাম সমাধানৰ চেষ্টা কৰক । বিদ্যাত শুভ ।

ধনুঃ আৰ্থিক মোটামুটি । তাৰ মাজতে চোৰ, ডকাইতি সংকটৰ বাবেও সচেতন থাকক । বিদ্যাত বেয়া নহ’ব । দাম্পত্যত মধ্যম । আৱেগিক কলাৰ সংযোগ । ঘৰুৱাত গতানুগতিক ।

মকৰঃ ভাবি-শুনি কামত আগুৱাওক । সহজতে আনৰ কথাক বিশ্বাস নকৰিব । ভুল-সংবাদত অনুগামী হ’লে ক্ষতি । বিদ্যাত অৱশ্যে বেয়া নহ’ব ৎ ব্যৱসায়-বাণিজ্যত মজলীয়া ফল । দাম্পত্যত শুভ । আমোদৰ আশা ।

কুম্ভঃ কৰ্মস্থানত জটিলতা কম পাব । হঠাৎ শৰীৰে কিছু আমনি কৰিব পাৰে । দাম্পত্যত বুজা পৰাৰে চলিব পাৰিব । সন্তান কথাত সাধাৰণ উদ্বেগ । ভ্ৰমণত সতৰ্ক হ‌ওক । প্ৰেমত আন্তৰিকতা ।

মীনঃ প্ৰিয় সংগৰ স’তে আনন্দ লাভ । কিন্তু মাত্ৰাধিকত সাৱধান । বিদ্যাদিত যাতে ব্যাঘাত নঘটে । সন্তানৰ কৰ্মাদিত আনন্দ প্ৰাপ্তি । দক্ষতাৰ বাবে সুনাম । কিন্তু শৰীৰ আৰু শত্ৰুৰ আমনি থাকিব ।

Exit mobile version