মুক্তি পালে অসমীয়া চিনেমা ‘গুৱাহাটী ডায়েৰীজ’-ৰ ট্ৰেইলাৰ

WhatsApp Image 2022 06 11 at 10.45.51 AM

গুৱাহাটীৰ জিএনআৰচি হাস্পতালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত আগন্তুক অসমীয়া চিনেমা ‘গুৱাহাটী ডায়েৰীজ’-ৰ ট্ৰেইলাৰ মুকলি কৰা হয় । এই অনুষ্ঠানত অসমৰ চিনেমা জগতৰ কে’বাজনো কলা-কুশলীৰ লগতে অসমৰ আগশাৰীৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

প্ৰহৰ প্ৰডাকচনৰ নিবেদনত নিৰ্মিত চিনেমাখন পৰিচালনা কৰিছে প্ৰশান্ত শইকীয়াই আৰু প্ৰযোজনা কৰিছে ডাঃ প্ৰণীতা শইকীায়াই । চিনেমাখনত দুটা মুখ্য চৰিত্ৰত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়া আৰু বলিউডৰ কে’বাখনো চিনেমাত কৰা অভিনয়ৰ দ্বাৰা পৰিচিত অভিনেত্ৰী উৰ্মিলা মহন্তই ।

লগতে উদয়ন দুৱৰা, অৰ্ঘদীপ বৰুৱা, ৰঞ্জীৱ লাল বৰুৱা, নাজ চুলতানা, হেমন্ত দেৱনাথ, মনীষা হাজৰিকা, মিণ্টু বৰুৱাকে ধৰি কে’বাজনো অভিনেতাক চিনেমাখনত দেখা পোৱা যাব ।

সদাব্যস্ত গুৱাহাটীৰ কেইজনমান মহানগৰবাসীৰ জীৱনৰ বিভিন্ন ঘটনা-পৰিঘটনাৰ ওপৰত চিনেমাখনৰ কাহিনী ৰচনা কৰা হৈছে । পৰিচালক শইকীয়াই অৱগত কৰা অনুসৰি চিনেমাখনত দৰ্শকে বৰ্ষা ৰাণী বিষয়া আৰু উৰ্মিলা মহন্তৰ দুৰ্দান্ত অভিনয় প্ৰত্যক্ষ কৰিব । প্ৰতিটো চৰিত্ৰকেই খুব সুন্দৰকৈ অভিনেতাসকলে ফুটাই তুলিবলৈ সক্ষম হৈছে বুলি পৰিচালকে জনাইছে ।

চিনেমাখনৰ কাহিনী প্ৰশান্ত শইকীয়াৰ । চিত্ৰনাট্য লিখিছে প্ৰশান্ত শইকীয়া, নীল বৰ্মণ আৰু অভিজিৎ ৰয়ে । চিনেমাখনৰ দৃশ্যগ্ৰহণ পাপু ডেকাৰ আৰু সম্পাদনা কৰিছে অভিজিৎ ৰয়ে । আৱহ সংগীত অৰূপ জ্যোতি বৰুৱাৰ । আজি মুক্তি পোৱা ট্ৰেইলাৰটো পৰিকল্পনা আৰু সম্পাদনা কৰিছে অভিজিৎ লস্কৰে ।

ট্ৰেইলাৰটো ইতিমধ্যে ডিজিটেল তথা সামাজিক মাধ্যমত উপলব্ধ হৈছে । অহা এক জুলাইত মুক্তি পাবলগীয়া চিনেমাখন দৰ্শকে আদৰি ল’ব বুলি চিনেমাখনৰ নিৰ্মাতাসকল আশাবাদী ।

Exit mobile version