Bizarre : এক প‌ইচা কম থকাৰ বাবে একাউণ্ট হেক কৰিও ধন সৰকাব নোৱাৰিলে হেকাৰে

Hacker Thumb a1

বেংক একাউন্টত এক প‌ইচা কম থকাৰ বাবে গ্রাহকৰ ১০ হেজাৰ টকা লুট কৰিব নোৱাৰিলে হেকাৰে । ঘটনাটো সংঘটিত হৈছে গ্রেটাৰ নয়ডাৰ দাৰিন গাঁৱত ।

আৰক্ষীয়ে জনাইছে, দাৰিন গাঁৱৰ বাসিন্দা সুনীল কুমাৰে যোৱা দুই জুনত তেওঁৰ এজন আত্মীয়ৰ একাউন্টত ২২ হেজাৰ টকা পঠাব লৈ ভুলতে আন এজনৰ একাউন্টত সেই টকা পঠাই দিয়ে । ভুল বুজিব পাৰি লগে লগে তেওঁ বেংকৰ স’তে যোগাযোগ কৰে । কিন্তু কোনো ধৰণৰ সহযোগিতা নাপায় বুলি সুনীলৰ দাবী । তাৰ পাছতেই তেওঁ বিষয়টোক লৈ টুইট কৰে সংশ্লিষ্ট বেংকক টেগ কৰি ।

এই লেনদেনৰ বিষয়টো হেকাৰৰ দৃষ্টিত পৰাৰ পাছতেই তৎপৰ হয় তেওঁলোক । টুইট কৰাৰ কিছু সময়ত ভিতৰতেই সুনীলৰ তাত এটা ফোন আহে । তেওঁক এই বিষয়ত সহযোগিতা কৰাৰ আশ্বাস দিয়ে ফোন কৰা ব্যক্তিজনে । সুনীলক এটা এপ্ ডাউনলোড কৰিবলৈ কোৱা হয় । সুনীলে তেতিয়াও বুজিব পৰা নাছিল যে তেওঁ হেকাৰৰ লক্ষ্য হৈছে । সেয়ে তেওঁলোকৰ কথা মতে এপ্ ডাউনলোড কৰাৰ লগে লগেই হেকাৰৰ তাত সুনীলৰ বেংকৰ সম্পূৰ্ণ তথ্য গুচি যায় ।

ইয়াৰ পাছতেই সুনীলৰ তাত পুনৰ ফোন আহে । কথা পাতি থাকোতেই সুনীলৰ একাউন্টৰ পৰা হেকাৰে ১০ হেজাৰ টকা লুট কৰাৰ চেষ্টা কৰে । ঠিক সেই সময়তেই সুনীলৰ তাত এছএমএছ আহে যে, তেওঁৰ একাউন্টত ন হেজাৰ ৯৯৯ টকা ৯৯ প‌ইচা আছে । সেয়ে লেনদেন সম্ভৱ নহয় ।

এই বার্তা পায়ে সুনীল আচৰিত হৈ যায় । তেওঁটো প‌ইচা ওলিওৱা নাই, তেনেহ’লে এই মেছেজ কিয় আহিল ? তেতিয়াই বুজি পালে যে কৰ’বাত বৃহৎ গণ্ডগোল হৈছে । বুজি পায় যে তেওঁ হেকাৰৰ কৱলত পৰিছে । হেকাৰে তেওঁৰ একাউন্টৰ পৰা ১০ হেজাৰ টকা হৰলুকি কৰাৰ চেষ্টা কৰিছিল । কিন্তু সৌভাগ্যৱশত তেওঁৰ একাউন্টত ১০ হেজাৰতকৈ এক প‌ইচা কম আছিল । সেয়ে হেকাৰে টকাখিনি লুট কৰিবলৈ ব্যর্থ হয় । এক প‌ইচাৰ যে কিমান গুৰুত্ব সুনীলৰ ঘটনাই প্ৰমাণিত কৰিলে ।

Exit mobile version