কৃষ্ণ সংস্কৃতিৰ প্ৰচাৰেই সত্ৰসমূহৰ মূল লক্ষ্য : অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক

উজান বাঁহবাৰীৰ বৰনামঘৰক সত্ৰলৈ উন্নীতকৰাত সন্তোষ

WhatsApp Image 2022 06 13 at 6.13.23 PM

জগৎগুৰু সৰ্বগুণাকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সত্ৰ-নামঘৰ স্থাপনৰ জৰিয়তে কৃষ্ণ সংস্কৃতিৰ প্ৰচাৰ কৰি মহান এক অসমীয়া জাতি গঠনৰ পৰিকল্পনা কৰিছিল ৷ মহাপুৰুষজনাৰ সেই মৰ্মবাণী পালন কৰিয়েই অসম সত্ৰ মহাসভায়ো কৃষ্ণ সংস্কৃতি প্ৰচাৰ-প্ৰসাৰৰ জৰিয়তে মহান অসমীয়া জাতি নিৰ্মাণ কাৰ্যত ব্ৰতী হৈ আহিছে । কৃষ্ণ সংস্কৃতিৰ প্ৰচাৰেই অসম সত্ৰ মহাসভাই মূলমন্ত্ৰ হিচাপে মানি আহিছে । ভৱিষ্যতলৈও এই লক্ষ্যৰেই অসম সত্ৰ মহাসভাই আগুৱাই যাব । এই মন্তব্য অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তৰ ।

অসম সত্ৰ মহাসভাৰ এক সিদ্ধান্ত অনুসৰি ১২ জুনত বাগসা জিলাৰ তথা ভূটান ৰাষ্ট্ৰৰ পাদদেশীয় আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী শালবাৰীৰ উজান বাঁহবাৰী গাঁৱৰ এশ বছৰ অতিক্ৰম কৰা গাঁৱৰ বৰ নামঘৰটো গঞা ৰাইজৰ সন্মতি সাপেক্ষে কিনকিনিয়া বৰষুণৰ মাজতো আধ্যাত্মিক পৰিৱেশেৰে আয়োজিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে সত্ৰলৈ উন্নীত কৰাৰ কথা ঘোষণা কৰা হয় । উপস্থিত সাংবাদিকক এই কথা জানিবলৈ দি অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক গৰাকীয়ে নামঘৰ একোটাতকৈ সত্ৰ এখনৰ বৈষ্ণৱ ধৰ্ম-সংস্কৃতি চৰ্চাৰ লগতে সামাজিক দায়বদ্ধতা পালনত অধিক সুবিধা আছে বুলি মন্তব্য কৰে ।

প্ৰধান সম্পাদকগৰাকীয়ে সত্ৰ সংস্কৃতিত প্ৰধানকৈ ‘পঞ্চ সূত্ৰ’ত গুৰুত্ব দিয়াৰ কথা প্ৰকাশ কৰে । অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদকগৰাকীয়ে এই ‘পঞ্চ সূত্ৰ’ৰ ব্যাখ্যাও আগবঢ়ায় । প্ৰধান সম্পাদকগৰাকীয়ে ‘পঞ্চ সূত্ৰ’ৰ ব্যাখ্যা আবঢ়াবলৈ গৈ আধ্যাত্মিক, সংস্কৃতি আৰু সাহিত্যৰ লগতে চাৰু-কাৰু কলা চৰ্চা আৰু নিবনুৱা সমস্যা সমাধানৰ বাবে উপযুক্ত সামাজিক ব্যৱস্থা সত্ৰত থাকিব বুলিও জানিবলৈ দিয়ে । অনুষ্ঠানত উপস্থিত অসম সত্ৰ মহাসভাৰ সভাপতি তথা ধুবুৰীৰ শ্ৰীশ্ৰী ৰামৰায় সত্ৰৰ সত্ৰাধিকাৰ জিতেন্দ্ৰ নাথ প্ৰধানীয়ে সত্ৰ স্থাপনৰ জৰিয়তে অঞ্চলটোৰ ৰাইজে আৰ্থিক তথা নৈতিক দিশেৰে উপকৃত হ’ব বুলি মন্তব্য কৰে ।

বৰ্তমান সমগ্ৰ অসমতে থকা সৰু-বৰ সত্ৰৰ সংখ্যা ১২৪২ খন আছিল যদিও আজি আৰু এখন সত্ৰ এই সংখ্যাৰ স’তে সন্নিৱিষ্ট হোৱাত তেওঁ আনন্দ প্ৰকাশ কৰে ৷ অনুষ্ঠানত উপস্থিত বজালী জিলা সত্ৰ মহাসভাৰ সভাপতি ধীৰেন্দ্ৰনাথ বৰ্মনে অসম সত্ৰ মহাসভাৰ সত্ৰ স্থাপনৰ এই সিদ্ধান্তই জাতিটোক আৰু অধিক শক্তিশালী আৰু সমৃদ্ধিশালী কৰিব বুলি মন্তব্য কৰে ৷

উক্ত অনুষ্ঠানত বজালী জিলা সত্ৰ মহাসভাৰ সম্পাদক শৰৎ দাস, উজান বাঁহবাৰী গাঁও সমিতিৰ সভাপতি যাদৱ নাথ, সম্পাদক নাউৰাম পাঠক আৰু ধনভৰালী ৰাতুল সূত্ৰধৰৰ স’তে গাঁওখনৰ বহু লোক উপস্থিত থাকে ।

Exit mobile version