National Herald Case : কংগ্রেছ নেতা ৰাহুল গান্ধীক তিনি ঘণ্টাজোৰা জেৰা ইডি-ৰ

pjimage 2022 06 13T171448.21

নেছনেল হেৰাল্ড গোচৰত তিনি ঘণ্টাজোৰা এনফ’ৰ্চমেন্ট ডিৰেক্টৰেট (ইডি)-ৰ তদন্তকাৰীৰ জেৰাৰ সন্মুখীন হ’ল কংগ্রেছ নেতা ৰাহুল গান্ধী । জেৰাৰ পাছত সোমবাৰে বিয়লি দুই বজাত দিল্লীৰ এপিজে আব্দুল কালাম ৰ’ডৰ ইডি দপ্তৰৰ পৰা যায় তেওঁ ।

সোমবাৰে পুৱা ১১ বাজি ৩০ মিনিটত মতিলাল নেহৰু মার্গ হৈ কংগ্রেছ নেতা-কর্মীসকলৰ স’তে সমদল কৰি ইডি দপ্তৰত গৈছিল ৰাহুল । তেওঁক ইডিৰ তলবৰ প্রতিবাদত দিল্লীত বিক্ষোভ প্ৰদৰ্শন কৰে কংগ্রেছ দলে । কংগ্রেছৰ কে’বাজনো নেতাক আটক কৰি তুঘলক ৰ’ড আৰক্ষী থানাত লৈ যোৱা হয় । তেওঁলোকক দেখা কৰিবলৈ উপস্থিত হয় প্রিয়ংকা গান্ধী বঢৰা ।

কংগ্রেছৰ আন্দোলনক কটাক্ষ কৰি বিজেপি নেত্রী স্মৃতি ইৰানিয়ে সোমবাৰে কয়, ‘‘গান্ধী পৰিয়ালৰ বেআইনীভাৱে উপাৰ্জন কৰা ২,০০০ কোটি টকাৰ সম্পত্তি বচাবলৈ আন্দোলনত নামিছে কংগ্রেছ ।’’

প্রসংগত, নেছনেল হেৰাল্ড গোচৰত বেআইনীভাৱে অর্থ লেনদেনৰ স’তে জড়িত থকাৰ অভিযোগত ৰাহুলক সোধ-পোচৰ বাবে যোৱা দুই জুনত তলব কৰিছিল এনফ’ৰ্চমেন্ট ডিৰেক্টৰেটে (ইডি) । কিন্তু বিদেশত থাকাকালীন এক জুনত ইডি-ৰ জাননী লাভ কৰি ৰাহুলে জনায় যে ২৪ ঘণ্টাৰ জাননীত তেওঁৰ বাবে হাজিৰি দিয়া সম্ভৱ নহয় । যোৱা শুকুৰবাৰে ৰাহুল গান্ধীক নতুন জাননী পঠায় ইডি-য়ে । সোমবাৰে তেওঁক ইডি-ৰ দপ্তৰত হাজিৰ হ’বলৈ কোৱা হয় । সেই জাননীমৰ্মেই সমদল ওলিয়াই ইডি দপ্তৰত যায় তেওঁ ।

Exit mobile version