Online Betting : সংবাদমাধ্যমত অনলাইন বেটিং ছাইটৰ বিজ্ঞাপন দিব নোৱাৰিব, বার্তা তথ্য আৰু সম্প্রচাৰ মন্ত্রণালয়ৰ

1655123972 banned

অনলাইন বেটিং প্লেটফর্মবোৰৰ বিজ্ঞাপন ৰোধ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিলে কেন্দ্রীয় চৰকাৰে । সংবাদপত্র, বৈদ্যুতিক আৰু ডিজিটেল সংবাদমাধ্যম যাতে এই ধৰণৰ বিজ্ঞাপনৰ পৰা বিৰত থাকে, সেই বিষয়ত সোমবাৰে আহ্বান জনায় তথ্য আৰু সম্প্রচাৰ মন্ত্রণালয়ে । দেশৰ অধিকাংশ অঞ্চলত বেটিং আৰু জুৱা খেলা বেআইনী বুলি উল্লেখ কৰা হৈছে মন্ত্রণালয়ৰ এই বার্তাত । এই ধৰণৰ বিজ্ঞাপনত উপভোক্তাসকলৰ আর্থ-সামাজিক পৰিস্থিতি সংকটজনক হৈ উঠাৰ শংকা যে থাকে, সেই বিষয়টোও উত্থাপন কৰা হৈছে ।

তথ্য আৰু সম্প্রচাৰ মন্ত্রণালয়ৰ তৰফৰ পৰা কোৱা হৈছে, বৃহত্তৰ জনস্বার্থৰ প্ৰতি লক্ষ্য ৰাখি এই পৰামর্শ দিয়া হৈছে । সংবাদমাধ্যমত অনলাইন বেটিং ৱেবছাইটবোৰৰ প্ৰচাৰৰ পৰিপ্রেক্ষিতত এই ধৰণৰ নির্দেশনা জাৰি কৰা হৈছে ।

মন্ত্রণাল‌য়ৰ তৰফৰ পৰা এটা বিবৃতিত কোৱা হৈছে, ‘বেটিং আৰু জুৱা খেলা দেশৰ অধিকাংশ প্রান্তত বেআইনী । লগতে ইয়াৰ স’তে উপভোক্তাসকলৰ আর্থ-সামাজিক ক্ষেত্রৰ সংকটৰ দিশটোও আছে । বিশেষকৈ, শিশু আৰু তৰুণ প্রজন্মৰ বাবে সংকটপূর্ণ ।’

উল্লেখ্য, খেলা চলাকালীন প্রায়েই নানা বেটিং-চক্রৰ পর্দা ফাদিল হৈ থাকে । বিগত আইপিএলতো এই ধৰণৰ নানা অভিযোগ প্ৰকাশ্যত আহিছিল ।

Exit mobile version