কচুৱাৰ ধৰ্মপ্ৰাণা মহিলা সমৰ্ত বানুৰ ১০৩ বছৰ বয়সত বিয়োগ

WhatsApp Image 2022 06 14 at 6.46.38 PM

যোৱা নিশা কচুৱা পমিলা কাঠনী গাঁৱৰ ধৰ্মপ্ৰাণা মহিলা সমৰ্ত বানুৰ বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় ৷ সদা হাস্যমুখী তথা ধৰ্মপ্ৰাণা মহিলাগৰাকীৰ মৃত্যুৰ খবৰ পাই অগনন গুণমুগ্ধ লোকে বাহাৰুল ইছলামৰ বাসগৃহত উপস্থিত হয় ৷

আজি সহস্ৰাধিক লোকৰ উপস্থিতিত ছাহ চুফি হজৰত জহুৰ উদ্দিন খলিফা চাহাবৰ ধৰ্মপত্নী সমৰ্ত বানুৰ জানাজা সম্পন্ন কৰা হয় ৷ ১০৩ বছৰীয়া বৃদ্ধাগৰাকীয়ে বৈবাহিক জীৱনৰ পাছৰ পৰা কৃষিজীৱি স্বামীৰ স’তে সাধাৰণ গাঁৱলীয়া শৈলীতে জীৱন নিৰ্বাহ কৰিছিল ৷ কৃষক পৰিয়ালৰ  মহিলা হিচাপে ধান লোৱা, ধান সিজোৱা, ঢেকীত ধান খুন্দা, ঘৰত হাঁহ কুকুৰা, গৰু, ছাগলী পালন কৰাৰ লগতে বাৰীত শাক-পাচলি উৎপাদন কৰিছিল ৷

মৃত্যুৰ সময়ত ইহ সংসাৰত চাৰিজন পুত্ৰ তিনিগৰাকী কন্যা আৰু বহুতো পো-নাতিনী এৰি থৈ যায় ৷ আজি মৃতকৰ ঘৰত কচুৱা প্ৰেছ ক্লাৱ, দক্ষিণ নগাঁও সাংবাদিক ঐক্যমঞ্চ, মাধৱপাৰা বজাৰ ব্যৱসায়ী সন্থাৰ সদস্য আৰু ধিং প্ৰেছ ক্লাৱৰ বাস্বাৰ উল্লাহ মুজাদ্দাদী উপস্থিত হৈ মৃতকৰ সদগতি কামনা কৰাৰ লগতে শোকাকুল পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

Exit mobile version