‘চৰকাৰী নীতিৰ বিৰুদ্ধে যুঁজ, দাদাৰ বিৰুদ্ধে নহয়’, কেন্দ্র বিৰোধী আন্দোলনত অটল মোদীৰ ভাতৃ

modi 6381

মোদী বনাম মোদী । ৰাজধানী দিল্লীৰ ৰাজপথত এই দৃশ্যৰ অৱতাৰণা হৈছে । কেন্দ্রৰ বিৰুদ্ধে আন্দোলনত নমাৰ সিদ্ধান্তত অটল প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ (Narendra Modi) ভাতৃ প্রহ্লাদ মোদী । তেওঁ স্পষ্টভাৱে জনাই দিছে যে, মোৰ যুঁজ দাদাৰ বিৰুদ্ধে নহয় । মোৰ যুঁজ চৰকাৰী নীতিৰ বিৰুদ্ধে ।

জীৱিকাসূত্ৰে তেওঁ ৰেছন ডিলাৰ, (Ration Shop Owner) প্রহ্লাদে কেন্দ্র চৰকাৰৰ তৰফৰ পৰা ডিলাৰসকলৰ যি কমিছন দিয়া হয় সেয়া বৃদ্ধিৰ দাবীত আন্দোলনত নামিছে বুলি খবৰ । কেন্দ্র চৰকাৰৰ নীতিৰ বিৰুদ্ধে প্রতিবাদ জনাই আগন্তুক বৰ্ষাকালীন অধিবেশেনৰ সময়ত সংসদ ঘেৰাও কাৰ্যসূচী ঘোষণা কৰিছে অল ইণ্ডিয়া ফেয়াৰ প্রাইছ শ্বপ ডিলাৰছ ফেডাৰেছনে । তাত অংশগ্রহণ কৰিব প্রহ্লাদ মোদীয়ে ।

বর্তমানৰ কেজি প্রতি ২০ প‌ইচা কমিছন দিয়াৰ ব্যৱস্থা মানিবলৈ তেওঁ প্ৰস্তুত নহয় । কেন্দ্র‌ই দেশৰ সমস্ত ৰেছন ডিলাৰক কেজি প্রতি চাৰি টকা ৪০ প‌ইচা কমিছন দিব লাগিব বুলি দাবী জনাইছে প্রহ্লাদে ।

তেওঁৰ বক্তব্য, “নিবিচৰিলেতো মাতৃয়েও সন্তানক একো নিদিয়ে । ম‌ই সংগঠনৰ হৈ কাম কৰো । সেয়ে ম‌ই মোৰ সংগঠনক এই আন্দোলনত পূর্ণৰূপে সমর্থন কৰিম ।” প্রহ্লাদ মোদীৰ (Prahlad Modi) স্পষ্ট কথা, ম‌ই দাদাৰ বিৰুদ্ধে যুঁজ দিয়া নাই । ম‌ই যুঁজিছো চৰকাৰী নীতিৰ বিৰুদ্ধে । দাদা মোদীৰ স’তে প্রহ্লাদৰ মতানৈক্য বহু দিনৰ । আগতেও তেওঁ মোদী চৰকাৰৰ বিৰুদ্ধে মুখ খুলিছিল । বস্তুত জীৱিকাৰ খাতিৰত ব্যক্তিগত সম্পর্কৰ ঊর্ধ্বত উঠি সংগঠনৰ হৈ কাম কৰাৰ সিদ্ধান্ত লৈছে প্রহ্লাদে । তদুপৰি, ইয়াৰ আগতে বহুবাৰ কেন্দ্রৰ বহু নীতিৰ বিৰোধিতা কৰিছে তেওঁ ।

ইয়াৰ উপৰি নৰেন্দ্র মোদীৰ বিৰুদ্ধে তেওঁৰ ব্যক্তিগত সম্পর্কও সিমান উল্লেখযোগ্য নহয় বুলি জনাইছে তেওঁ । তেওঁৰ বক্তব্য, আঠ বছৰ দাদাৰ স’তে দেখাই হোৱা নাই । আনকি দাদা যেতিয়া মাক দেখা কৰিবলৈ আহে, তেতিয়াও পৰিয়ালৰ কোনো নাথাকে ।

Exit mobile version