চিৰাঙৰ ঢালিগাঁও নামঘৰত নিশা চুৰিকাণ্ড

নামঘৰৰ মণিকুট লণ্ডভণ্ড, ধৰ্মীয় পুথি ফালি তছনছ

চিৰাঙৰ ঢালিগাঁও নামঘৰত চোৰৰ কুদৃষ্টি । নিশা হোৱা ধাৰাষাৰ বৰষুণৰ সুযোগ নেৰিলে চোৰে । নামঘৰৰ ছয়টাকৈ তলা ভাঙি লুটিলে ধন ।

নামঘৰৰ মণিকুট লণ্ডভণ্ড, ধৰ্মপুথি আদি ফালি তছনছ কৰিলে চোৰে । আটাইখিনি দান বাকচৰ পৰা লুটিনিলে ধন ।

অৱশ্যে কিমান ধন লুট হৈছে সেয়া জানিব পৰা হোৱা নাই । যিহেতু নামঘৰত দিয়া দানৰ ধন ভাদ মাহতহে গণনা হয় ।

নিশা নামঘৰত দুজন বাপ আছিল যদিও ধাৰাষাৰ বৰষুণত চোৰৰ উমান পোৱা নাছিল বাপসৱে । ইতিমধ্যে এই নামঘৰৰ চুৰি কাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে ঢালিগাঁও থানা আৰক্ষীয়ে ।

Exit mobile version