LeT terrorist killed : কাশ্মীৰত সেনাৰ গুলীত নিহত দুই লস্কৰ সন্ত্ৰাসবাদী

AP 20306472433148

দক্ষিণ কাশ্মীৰৰ শ্ব’পিয়ানত সেনাৰ গুলীত মৃত্যু দুই লস্কৰ সন্ত্ৰাসবাদীৰ । মৃত সন্ত্ৰাসবাদীসকলৰ এজন ৰাজস্থানৰ পৰা উপত্যকাত চাকৰি কৰিব যোৱা এজন বেংক বিষয়াৰ হত্যাত প্ৰত্যক্ষভাৱে জড়িত আছিল বুলি খবৰ ।

আৰক্ষীৰ আইজি বিজয় কুমাৰে কয়, ‘‘মৃত দুই সন্ত্ৰাসবাদীৰ ভিতৰত এজন শ্ব’পিয়ানৰ বাসিন্দা জান মহম্মদ লোন । যোৱা দুই মে’ত কুলগামত ৰাজস্থানৰ বেংক বিষয়াৰ হত্যাত তেওঁ প্ৰত্যক্ষভাৱে জড়িত আছিল । ইয়াৰ উপৰি অন্যান্য সন্ত্রাসমূলক কাৰ্যতো তেওঁ জড়িত আছিল ।’’

যোৱা দুই মে’ত, উপত্যকাৰ ইলাকাহি দেহাতি বেংকৰ মেনেজাৰ ৰাজস্থানৰ বাসিন্দা বিজয় কুমাৰক বেংকত প্ৰৱেশ কৰি গুলীয়াই হত্যা কৰাৰ ঘটনা ঘটে । বেংকত লগোৱা চিচিটিভি কেমেৰাত ধৰা পৰে সমগ্ৰ ঘটনা । সেই ঘটনাত গুলী চলাইছিল বুধবাৰে পুৱা মৃত লস্কৰ সন্ত্ৰাসবাদী জান মহম্মদে । সেনাৰ গুলীত মৃত সন্ত্ৰাসবাদীজনৰ নাম তুফাইল গানাই বুলি জানিব পৰা গৈছে । তেওঁৰ পৰা উদ্ধাৰ হৈছে প্রচুৰ পৰিমাণে কার্তুজ, এটা একে ৪৭ ৰাইফল আৰু এটা পিষ্টল ।

শ্ব’পিয়ানৰ কাঞ্জিউলাৰ অঞ্চলত তালাচী অভিযান চলাকালীন এই দুই সন্ত্ৰাসবাদীৰ স’তে গুলীয়াগুলী আৰম্ভ হয় সেনাৰ । সেই সময়তেই গুলীত মৃত্যু হয় দুজনৰ । আনহাতে, দক্ষিণ কাশ্মীৰৰ কুলগামতো সেনাৰ স’তে সন্ত্ৰাসবাদীৰ গুলীয়াগুলী হৈছে বুলি জানিব পৰা গৈছে ।

Exit mobile version