দিনটোৰ ৰাশিফল

16520814124194

মেষঃ বিশেষ কোনো কামত সফলতা পাব । শৰীৰ দুৰ্বল অনুভৱ কৰিব সন্ধিয়া পাঁচ বজাৰ পাছত চাইচিতি যাত্ৰা কৰিব । আপোনাৰ শুভ ৰং বগা ।

বৃষঃ কৰ্মক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ স’তে সুসম্পৰ্ক স্থাপন । পৰাপক্ষত যাত্ৰা নকৰাই ভাল । শুভ ৰং গোলপীয়া । প্ৰেমত আনন্দ ।

মিথুনঃ সামাজিক কৰ্মত জড়িতসকলে উন্নত পৰিৱেশ পাব । বিদ্যাৰ্থীৰ শুভ । দিনটোত এবাৰ বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰি মন্দিৰলৈ যাব । যাত্ৰা শুভ হ’ব ।

কৰ্কটঃ কৰ্মত কঠোৰ পৰিশ্ৰমৰ অন্তত লাভৰ মুখ দেখা পাব । দাম্পত্যত মতবিৰোধ হ’ব পাৰে । যাত্ৰা কৰিব পাৰে । শুভ ৰং ক’লা ।

সিংহঃ কন্যা সন্তানৰ প্ৰতি চকু দিয়ক । যাত্ৰা কৰিলে সাৱধান হ’ব । শুভ ৰং সেউজীয়া । পাৰিবাৰিক অশান্তি ভুগিব পাৰে ।

কন্যাঃ ব্যৱসায়ত উন্নতি । যোগাযোগত খুব বেয়া নহয় । ৰঙা ৰং শুভ । ৰঙা সূতাৰে হাতত পাঁচ পাক দি মেৰিয়াই লৈ যাত্ৰা কৰিলে সফল হ’ব ।

তুলাঃ কৰ্মত সফলতা লাভ কৰিব । যাত্ৰা কৰিলে বেঙুনীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিব । যাত্ৰা শুভ হ’ব । প্ৰেমত আনন্দ ।

বৃশ্চিকঃ সাংস্কৃতিক কৰ্মত জড়িতসকলে কৰ্মত সফলতা লাভ কৰিব । যাত্ৰা কৰিলে সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিব । বিদ্যাত শুভ ।

ধনুঃ যাত্ৰা কৰিব পাৰে । দিনটো ফৰকাল । শিৱৰ মন্ত্ৰ জপ কৰিব । পাতল নীলা ৰং আপোনাৰ বাবে শুভ ।

মকৰঃ পুৰণা বন্ধু-বান্ধৱক লগ পাই সুখী হ’ব । ব্যৱসায়ত আয় বৃদ্ধিৰ কাৰকতা । ৰঙা ৰঙৰ ব্যৱহাৰে যাত্ৰা শুভ কৰিব ।

কুম্ভঃ আৰ্থিক দিশত বাধাগ্ৰস্ত হ’ব । শুভ ৰং কমলা । এই ৰং ব্যৱহাৰে যাত্ৰা শুভ কৰিব । বিদ্যাত মধ্যম ।

মীনঃ ব্যৱসায়ত দিনটো শুভ । পাৰিবাৰিক দিশত দিনটো শুভ । পুৱা যাত্ৰা কৰিব পাৰে । শুভ ৰং মেৰুন ।

Exit mobile version