Agnipath Scheme : অগ্নি-বিক্ষোভ হাৰিয়ানাত, গুৰুগ্রামত ১৪৪ ধাৰা ! ফৰিদাবাদত বন্ধ ইন্টাৰনেট, মোবাইল

Bihar Protest 1

বিহাৰ, ৰাজস্থান, উত্তৰ প্রদেশ, তেলেংগানাৰ পাছত এইবাৰ হৰিয়ানা । নৰেন্দ্র মোদী চৰকাৰৰ ‘চুক্তিভিত্তিক সেনা’ নিয়োগৰ সিদ্ধান্তৰ প্রতিবাদত ক্রমশ বিক্ষোভ আৰম্ভ হৈছে কে’বাখনো ৰাজ্যত । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অগ্নিপথ প্রকল্পত নিয়োজিত ‘অগ্নিবীৰ’সকলক চাৰি বছৰৰ ম্যাদ শেষৰ পাছত ৰাজ্য চৰকাৰৰ চাকৰিত নিয়োগৰ ক্ষেত্রত অগ্রাধিকাৰ দিয়াৰ কথা কৈছে হৰিয়ানাৰ মুখ্যমন্ত্রী মনোহৰলাল খট্টৰে ।

কিন্তু বিক্ষোভ নিয়ন্ত্ৰণ নোহোৱাত এইবাৰ গুৰুগ্রামসহ কে’বাখনো অঞ্চলত জাৰি কৰা হ’ল ১৪৪ ধাৰা ।গুৰুগ্রামৰ লগতে, আগন্তুক ২৪ ঘণ্টাৰ বাবে ফৰিদাবাদৰ বল্লভগড়ত সমস্ত ধৰণৰ জনসমাগম নিষিদ্ধ কৰা হৈছে । ২৪ ঘণ্টাৰ বাবে বন্ধ কৰা হৈছে মোবাইল, ইন্টাৰনেট সেৱা ।

প্রসংগত, পালৱালত বিক্ষোভকাৰীসকলে বৃহস্পতিবাৰে চৰকাৰী গাড়ীত জুই লগাই দিয়ে । ডেপুটি কমিছনাৰৰ বাসগৃহত শিল দলিওৱা হয় বুলি অভিযোগ । আন্দোলনকাৰীসকলৰ দাবী, হাৰিয়ানাৰ জাঠ জনগোষ্ঠীৰ যুৱকসকলক চাকৰিৰ বৃহৎ ভৰসা হ’ল ভাৰতীয় সেনা । চাকৰিত স্থায়িত্বৰ বাবে দুখীয়া আৰু নিম্ন-মধ্যবিত্ত পৰিয়ালৰ যুৱকসকলে সেনাৰ চাকৰিকে বাছি লয় । কিন্তু অগ্নিপথ প্রকল্পত নিয়োজিত চুক্তিভিত্তিক ‘অগ্নিবীৰ’সকলে চাকৰি পোৱাৰ চাৰি বছৰৰ ভিতৰতেই অৱসৰ ল’ব লাগিব । এককালীন কিছু টকা পালেও নাথাকিব পেনছনৰ ব্যৱস্থা । সেই ক্ষেত্রত তেওঁলোকে পুনৰ নতুনকৈ চাকৰিৰ সন্ধান কৰিব লাগিব । অনিশ্চিত হৈ পৰিব ভৱিষ্যৎ ।

উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত হাৰিয়ানাৰ যুৱকসকলক সেনাত যোগদানৰ হাৰ যথেষ্ট কম । তাতো আন্দোলন আৰম্ভ হ’ব পাৰে বুলি শংকা কৰিছে । ইষ্ট ইণ্ডিয়া কোম্পানিৰ শাসনকালতেই ‘যোদ্ধা জাতি’ হিচাপে স্বীকৃতি পাইছিল জাঠসকলে । ১৭৯৫ত গঠিত জাঠ ৰেজিমেন্টৰ অন্তর্গত বেটেলিয়নবোৰত পশ্চিম উত্তৰ প্রদেশ হাৰিয়ানাৰ বহু যুৱক আছে ।

Exit mobile version