‘কৃষি আইনৰ দৰেই অগ্নিপথ প্রকল্পও প্রত্যাহাৰ কৰিবলৈ বাধ্য হ’ব কেন্দ্র’, প্ৰত্যাহ্বান ৰাহুলৰ

rahul gandhi pti11 1654434523

বিতর্কিত তিনি কৃষি আইনৰ দৰে অগ্নিপথ প্রকল্পও প্রত্যাহাৰ কৰিবলৈ বাধ্য হ’ব কেন্দ্র । মোদী চৰকাৰক একপ্রকাৰ প্ৰত্যাহ্বান দিলে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi) । তেওঁৰ দাবী, দিশহাৰা এই প্রকল্প ঘোষণা কৰি জয় জৱান, জয় কিষাণৰ আদর্শক অপমান কৰিছে কেন্দ্ৰ‌ই । হাস্পাতালৰ পৰা বিবৃতি দি এই প্রকল্পৰ গৰিহণা কৰিছে কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীয়েও ।

অগ্নিপথ (Agnipath Scheme) প্রকল্প ঘোষণা হোৱাৰ পাছতেই দেশ অগ্নিগর্ভ । সেনাত চাকৰিপ্রার্থী সহস্ৰাধিক যুৱকৰ স্বতঃপ্রণোদিত বিক্ষোভত দেশৰ প্ৰায় ১২ খন ৰাজ্যৰ বিস্তীর্ণ অঞ্চলৰ জনজীৱন বিপর্যস্ত । তাৎপর্যপূর্ণভাৱে এনে বিক্ষোভত সিমান সক্রিয় নাছিল দেশৰ প্রধান বিৰোধী দল হিচাপে দাবী কৰা কংগ্রেছ (Congress) । এইবাৰ তেওঁলোকো নামিল । অসুস্থ অৱস্থাত হাস্পাতালৰ পৰা বিবৃতি দি বিক্ষোভৰত যুৱকসলক উদ্দেশ্যি কংগ্রেছৰ অন্তর্বর্তীকালীন সভানেত্রীয়ে কয়, “মোৰ বেয়া লাগিছে যি চৰকাৰে আপোনালোকৰ কন্ঠস্বৰ উপেক্ষা কৰি এই নতুন দিশহাৰা প্রকল্প ঘোষণা কৰি দিছে ।” ছোনিয়াৰ বক্তব্য, আপোনালোক সকলোকে মোৰ অনুৰোধ শান্তিপূর্ণভাৱে বিক্ষোভ প্ৰদৰ্শন কৰক । কংগ্রেছ আপোনালোকৰ লগত আছে ।

ৰাহুলে পুনৰ কয় যে কেন্দ্র‌ই যেনেদৰে তিনি কৃষি আইন বাতিল (Farm Laws) কৰিবলৈ বাধ্য হৈছিল, তেনেদৰেই এইটোও প্রত্যাহাৰ কৰিব লাগিব । ৰাহুলৰ বক্তব্য, “আঠ বছৰ ধৰি বিজেপি চৰকাৰে জয় জৱান, জয় কিষান আদর্শৰ অপমান কৰি আহিছে । ম‌ই আগতেই কৈছিলো প্রধানমন্ত্রীয়ে তিনি ক’লা কৃষি আইন প্রত্যাহাৰ কৰিব‌ই লাগিব । ঠিক তেনেদৰেই তেওঁ ‘মাফিবীৰ’ (Mafiveer) হৈ দেশৰ যুৱকসকলৰ কথা শুনিব লাগিব । আৰু অগ্নিবীৰ প্রকল্প প্রত্যাহাৰ কৰিব লাগিব ।”

ৰাহুল টুইটাৰত সৰৱ হ’লেও কংগ্রেছে এতিয়াও এনে জ্বলন্ত বিষয়ত পথত নমা নাই । কৃষি আইনৰ ক্ষেত্রতো অৱশ্যে কংগ্রেছক পথত দেখা নাযায় । সেই আন্দোলনো আছিল কৃষকসকলৰ স্বতঃপ্রণোদিত । সেই আন্দোলনৰ প্রভাৱ কংগ্রেছৰ ভোটবাকচতো নপৰে । এতিয়া লক্ষ্যণীয় হ’ব যে অগ্নিপথ আন্দোলনৰ সুফল কংগ্রেছে পাব নে নাই ।

Exit mobile version