দিনটোৰ ৰাশিফল

astrology january 2022 horoscope 1 copy

মেষঃ শাৰীৰিক দিশত দুৰ্বলতা থাকিব । বিক্ষিপ্ত কথাৰ মাজতে সুস্থিৰ চিন্তায়ো সহায় কৰিব । ব্যৱসায়ত মধ্যম । পঢ়া-শুনাত বেয়া নহ’ব । সন্তানৰ শুভ ।

বৃষঃ কৰ্মক্ষেত্ৰত বেয়া নহ’ব । কিন্তু শাৰীৰিক দিশত সতৰ্ক হৈ চলাটো বাঞ্ছনীয় । বিদ্যাৰ্থীৰ বাবে দিনটো শুভ । প্ৰেমত অস্থিৰতা থাকিব । চুটি ভ্ৰমণ হ’ব পাৰে ।

মিথুনঃ আজি প্ৰায় দিশে কিছু হ’লেও ফৰকাল । বিদ্যাতো তেনে বাধা দেখা নাযায় । কৰ্মস্থানত নিজৰ দায়িত্ব পালনত বাধা নাপাব । দাম্পত্যত মধ্যম । ব্যৱসায়ত শুভ ।

কৰ্কটঃ শাৰীৰিক দিশত বিশেষ শুভ বুলি ক’ব নোৱাৰি । একাধিক কথাত মন বিক্ষিপ্ত থাকিব । গুৰুত্বপূৰ্ণ কামত প্ৰগতি নেদেখি কিছু অস্থিৰ হ’ব পাৰে । প্ৰেমত বাধা ।

সিংহঃ আজিৰ দিনটো প্ৰায় ফৰকাল । শৰীৰো বেয়া নাযাব । আগন্তুকৰ বাবে চিন্তা নকৰাই ভাল । মনৰ মানুহৰ সান্নিধ্য লাভ । দাম্পত্যতো বেয়া নহ’ব ।

কন্যাঃ মনটো বেয়া নাযাব । ঘৰুৱা পৰিৱেশো অনুকূল । কৰ্মস্থানত নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিব পাৰিব । আৰ্থিকত বেয়া নহ’ব । প্ৰেম-প্ৰীতিত আন্তৰিকতা ।

তুলাঃ কৰ্মক্ষেত্ৰত বাধা কম পাব । ঘৰুৱা খেলি-মেলিৰ পৰা কিছু উন্নতি ভ্ৰমণত জটিলতা নাই । দাম্পত্যত শুভ । বিদ্যাত মধ্যম ফল পাব । প্ৰেমত হতাশা ।

বৃশ্চিকঃ ক্ৰমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ-অশান্তি দেখা যায় । দাম্পত্যতো তেনে আভাস আছে । শৰীৰ মধ্যম। ভ্ৰমণ কৰিব পাৰে ।

ধনুঃ আপোনাৰ স্বভাৱগত তেজস্বিতা কাৰো আগত নেদেখুৱাব । ইয়াক কৰ্মৰ মাজতে ব্যৱহাৰ কৰক । পিতৃ-মাতৃৰ বাবে সামান্য চিন্তা থাকিব । ব্যৱসায়ত মধ্যম ।

মকৰঃ কৰ্মতৎপৰতা বৃদ্ধি পাব । আজিৰ দিনটোত আৰ্থিকত খুব বেয়া নহ’ব । ঘৰুৱা কথাত সামান্য উদাসীনতা, ভ্ৰমণত কষ্ট । পৰাপক্ষত স্পষ্টভাষী হ’বলৈ যত্ন কৰক ।

কুম্ভঃ কিছু কষ্টৰে আজি পাৰ কৰি দিলে খুব আহুকালত পৰিব নালাগিব । শৰীৰ মধ্যম । মূল কথাত মন দিয়ক, কৰ্তকাৰ্য হ’ব‌ই । ভ্ৰমণৰ সম্ভাৱনা আছে ।

মীনঃ কাৰ্যকৰী সংযোগত অনুকূল আৰ্থিকতো আশাপ্ৰদ । কিন্তু সাময়িক উৎকণ্ঠা থাকিব । পঢ়াত মধ্যম । হঠাৎ কোনো সমস্যাৰ সন্মুখীন হ’লেও দুশ্চিন্তা নকৰিব ।

Exit mobile version