Air India : বৃহৎ চুক্তি ! তিনিশটা বিমান আবণ্টন দিয়াৰ সম্ভাৱনা এয়াৰ ইণ্ডিয়াৰ

PTI07 05 2020 000134B 1593775201095 1600408116059

ঐতিহাসিক চুক্তি এয়াৰ ইণ্ডিয়া কর্তৃপক্ষৰ । তিনিশৰো অধিক বিমান ক্ৰয় কৰায় সিদ্ধান্ত লৈছে তেওঁলোকে । যি বাস্তৱায়িত হ’লে দেশৰ বাণিজ্যিক বিমান সেৱাত নতুন ইতিহাস ৰচনা হ’ব ।

সংবাদ সংস্থা সূত্রে জানিব পৰা গৈছে, এয়াৰবাছ এছই-ৰ এ৩২০নিউ ফেমিলি জেট অথবা ব’য়িং কো’ৰ ৭৩৭ মেক্স মডেলছ অথবা দুটাৰেই আবণ্টন দিয়াৰ সম্ভাৱনা এয়াৰ ইণ্ডিয়াৰ । অৱশ্যে এই বিষয়ত মুখ খোলা নাই এয়াৰ ইণ্ডিয়া কর্তপক্ষ । বৰঞ্চ ‘গোপনীয়তা’ বজায় ৰখা হৈছে ।

তিনিশটা ৭৩৭ মেক্স-১০ জেট কিনাৰ চুক্তি কৰিবলৈ ব্যয় হ’ব চাৰে চাৰি হেজাৰ কোটি ডলাৰ । এই বিমানসমূহ প্ৰস্তুত কৰিবলৈ কে’বা বছৰ সময় লাগিব পাৰে । নতুন বিমানবোৰ পাবলৈ এক দশকৰো সময় লাগিব পাৰে ।

উল্লেখ্য, চলিত বছৰত পুনৰায় টাটাৰ হাততে ঘূৰি আহিছে এয়াৰ ইণ্ডিয়া । বিগত বৰ্ষৰ অক্টোবৰত এয়াৰ ইণ্ডিয়াক ১৮ হেজাৰ কোটি টকাৰ বিনিময়ত টাটা গোষ্ঠীৰ সংস্থাক বিক্রী কৰে মোদী চৰকাৰে । ইয়াৰ পাছৰ পৰাই আৰম্ভ হয় বিক্রীৰ স’তে জড়িত অন্যান্য প্রক্রিয়া । ১০০ শতাংশ শ্বেয়াৰ হস্তান্তৰ প্রক্রিয়া আৰু লগতে পৰিচালনা ক্ষমতা সম্পূর্ণভাৱে দিয়া হৈছে টাটা গোষ্ঠীক ।

আনহাতে, বিপুল লোকচানত চলা এয়াৰ ইণ্ডিয়াৰ পুনৰুজ্জীৱনত একাধিক পৰিকল্পনা কৰিছে টাটা গোষ্ঠীয়ে । সেই পৰাপ্রেক্ষিতত বিমান কিনাৰ সন্দৰ্ভত চুক্তি স্বাক্ষৰৰ কথা ভবা হৈছে, এয়া উল্লেখযোগ্য বুলি ধাৰণা সংশ্লিষ্ট মহলৰ একাংশৰ ।

Exit mobile version