President Election 2022 : মমতাক ধন্যবাদ দি তৃণমূল ত্যাগ কৰাৰ ইচ্ছাপ্রকাশ, বিৰোধীৰ ৰাষ্ট্রপতি প্রার্থী যশৱন্তে ?

2022 6largeimg 747709981

বিয়লি আঢ়ৈ বজাত বিৰোধী দলৰ ৰাষ্ট্রপতি পদপ্রার্থীক লৈ বৈঠকৰ আগতে পুৱাই নিজৰ মাজত বৈঠক বহিল বিৰোধী নেতাসকলৰ । এনচিপি প্রধান শৰদ পৱাৰৰ দিল্লীৰ বাসভৱনত ইয়েচুৰি, খাৰ্গ মিলিত হৈছে । সূত্রৰ খবৰ, যশৱন্ত সিনহাৰ নাম লৈ আলোচনা হয় এই বৈঠকত । বিৰোধীৰ ৰাষ্ট্রপতি পদৰ প্রার্থী হিচাপে তেওঁৰ নাম চূড়ান্ত হ’ব পাৰে বুলি অনুমান কৰা হৈছে ।

শৰদ পৱাৰ আৰু ফাৰুক আব্দুল্লাৰ নাম প্ৰত্যাহাৰৰ পাছত বিৰোধীৰ ৰাষ্ট্ৰপতি পদপ্রার্থী হিচাপে নাম উত্থাপিত হেছে যশৱন্ত সিনহাৰ । যশৱন্তে টুইট কৰি তৃণমূল নেত্রী মমতা বন্দ্যোপাধ্যায়ক কৃতজ্ঞতা জনোৱাৰ লগতে, ৰাষ্ট্রপতি পদপ্রার্থী হোৱাৰো ইচ্ছা প্রকাশ কৰি দলৰ পৰা অব্যাহতি বিচাৰিছে ।

এই পৰিপ্রেক্ষিতত তেওঁৰ নাম লৈ মঙলবাৰে শৰদ পৱাৰৰ জনপথৰ বাসভৱনত বিৰোধী নেতাসকলৰ আলোচনা চলিছে বুলি খবৰ । শৰদে আহ্বান কৰা সেই বৈঠকত উপস্থিত আছে চিপিএমৰ সীতাৰাম ইয়েচুৰি, কংগ্রেছৰ মল্লিকার্জুন খাৰ্গে, তৃণমূলৰ সুধীন্দ্র কুলকার্নি । সেই বৈঠকত যশৱন্তৰ নাম চূড়ান্ত কৰি বিয়লি সংসদ ভৱনৰ এনেক্স বিল্ডিঙৰ বৈঠকত তাত ছিলমোহৰ দিয়া হয় নে নাই, সম্প্ৰতি সেয়া হ’ব লক্ষণীয় ।

Exit mobile version