Russia-Ukraine War : নিজৰ নোবেল পদক নিলাম কৰি ইউক্রেইনৰ শিশুসকলক ১০ কোটি ডলাৰ দিব ৰুছ সাংবাদিকে

1200x 1

বিগত বছৰত পোৱা নোবেল বঁটা নিলামত দি ১০ কোটি ৩৫ লাখ ডলাৰ লাভ কৰিছে ৰাছিয়াৰ সাংবাদিক তথা সম্পাদক দিমিত্রি মুৰাটোভে । এই ধন ব্যয় হ’ব ইউক্রেইনৰ শিশুসকলৰ বাবে ।

বর্তমান ৰাছিয়াত স্বাধীন সংবাদপত্র হিচাপে নাম আছে ‘নোভায়া গাজেতা’ৰ । সেই সংবাদপত্রৰ সম্পাদক দিমিত্রি । ইউক্রেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ বাতৰি কৰাৰ ‘অপৰাধ’ত চলিত বৰ্ষৰ মার্চত পুটিনৰ চৰকাৰে সংবাদপত্রটো বন্ধ কৰি দিয়ে । এপ্রিলতেই দিমিত্রিৰ ওপৰত কালি আক্ৰমণ হয় ।

২০২১-ত তেওঁ ফিলিপিন্সৰ সাংবাদিক মাৰিয়া ৰেছাৰ স’তে নোবেল শান্তি বঁটা লাভ কৰিছিল । পুৰস্কাৰৰ পদকটোৱে নিলামত তোলে সাংবাদিক-সম্পাদক দিমিত্রিয়ে । প্রসংগত, তেওঁ নোবেল বঁটা উৎসর্গা কৰিছিল, ২০০০ৰ পৰা ৰাছিয়াত বাতৰি সংগ্রহ কৰিবলৈ গৈ হত্যা হোৱা তেওঁৰ ছয় সহকর্মীক । সেই সময়ত আর্থিক পুৰস্কাৰ হিচাপে পোৱা অর্থও দিমিত্রিয়ে বিভিন্ন সেৱামূলক প্রতিষ্ঠানৰ মধ্যত বিতৰণ কৰি দিছিল ।

সংবাদ সংস্থা ৰয়টার্স সূত্রে খবৰ, নিলামত পদকৰ দাম উঠিছে ১০ কোটি ৩৫ লাখ ডলাৰ । যি নোবেল পুৰস্কাৰ নিলামৰ ক্ষেত্রত সর্বকালীন অভিলেখ । ইমান দিনে নোবেল বঁটা নিলামত তুলি সর্বোচ্চ পাঁচ লাখ ডলাৰ উঠিছিল ।

Exit mobile version