হাতীগাঁৱৰ জলমগ্ন পথৰ বাবে জ্বলাকলা খাইছে ৰাইজে

গুৱাহাটী হাতীগাঁও সিজুবাৰী একমাত্ৰ চাওলুং চুকাফাই পথ । বৰষুণ নথকাৰ পাছতো সদায় জলমগ্ন হৈ থকা দেখা যায় উক্ত ৰাজপথ । লেতেৰা পানীৰে সদায় জলমগ্ন সিজুবাৰী তিনিআলি ।

স্থানীয় ৰাইজ তথা স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ যাতায়ত যথেষ্ট পৰিমাণৰত অসুবিধাৰ সন্মুখীন হৈছে । কাৰ সেমাহিনৰ বাবে সদায় চাওলুং চুকাফাই নলা নৰ্দমাৰ পানীৰে ভৰপূৰ । স্থানীয় ৰাইজৰ যাতায়ত সুচল কৰাৰ বাবে ৱাৰ্ড কাউন্সিলৰ, গাঁওবুঢ়াৰ, জিএমচিৰ কৰ্তৃপক্ষৰ পিছে পিছে দৌৰি থকা বুলি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ।

স্থানীয় ৰাইজে অভিযোগ কৰিছে যে আমাৰ গাঁৱৰ যাতায়ত কৰা পথ কিয় আজিও কেঁচা হৈ থাকিল । অভিযোগ মতে চৰকাৰী কোনো ধৰণৰ উন্নয়নমূলক এই গাঁৱত আঁচনি ঢোকি পোৱা নাই । ৰাইজৰ পকেটৰ ধন খৰছ কৰি কোনোমতে অহা-যোৱা কৰিব পৰা সুবিধা কৰিছে বুলি একাংশ ৰাইজে উত্থাপন কৰিছে ।

সমষ্টিৰ স্থানীয় ৰাইজে অতি কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে আমাৰ বিধায়ক মহোদয়ে আজিলৈকে কোনো ধৰণৰ খবৰ ল’বলৈ অহা নাই । অতি পৰিতাপৰ বিষয় হ’ল চৰকাৰী পক্ষৰ বিধায়ক থকা সত্বেও গাঁওবাসীয়ে জলমগ্নত ভুগিবলগীয়া হৈছে । স্থানীয় ৰাইজ তথা যুৱকসকলে ৰাইজৰ চহী সংগ্ৰহ কৰি আজি জি এম চি কমিছনাৰক আবেদন জনাব বুলি সচেতন মহলে জাৰি কৰিছে ।

চাওলুং চুকাফাই পথৰ পথচাৰীয়ে সঁচাকৈ বিপদাপন্ন । ইটাৰে গঠিত ৰাস্তাৰ মাজ মজিয়াত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত পথচাৰী আৰু যানবাহনৰ চলাচলত ব্যাঘাত জন্মিছে । যোৱা নিশা পথেৰে গৈ থাকোঁতে হঠাৎ পথৰ মাজ মজিয়াত পৰি যায় ব্যক্তিগত বাহনো । ওচৰৰ দোকানীয়ে লৰালৰিকৈ গাড়ীখন ঠেলি উঠাই দিয়ে ।

পথৰ দোকানীসকলে অসহায় হৈ মূৰে-কপালে হাত দি বহি থাকিবলগীয়া হৈছে । স্থানীয় ৰাইজে চৰকাৰ আৰু জি এম চি কমিছনাৰক আবেদন প্ৰেৰণ কৰে আৰু পুনৰ লেতেৰা পানী জমা নহ’বৰ বাবে পদক্ষেপ ল’বলৈ আহ্ববান জনায় ।

Exit mobile version