১০৫ বছৰ বয়সত এশ মিটাৰ দৌৰত স্বৰ্ণজয় ‘ছুপাৰ গ্ৰেণ্ডমা’ৰ

92348753

বয়স যে ১০৫ বছৰ, সেয়া বুজাৰ উপায় নাই । কিয়নো এই বয়সতো তেওঁ শাৰীৰিকভাৱে যথেষ্ট সক্ষম । খেলপথাৰত তেওঁৰ দৌৰ দেখিলে আশ্চৰ্যবোধ কৰিব লাগে । বয়স যে কেৱল মাত্ৰ এটা সংখ্যাহে, সেয়াই প্ৰমাণ কৰিলে ৰামবাঈ নামৰ শতায়ু গৰকা বৃদ্ধাগৰাকীয়ে । এই বয়সতো দৌৰত অংশ লৈ তেওঁ ইতিমধ্যে অভিলেখ স্থাপন কৰিছে ।

ভাৰতীয় এথলেটিক সংস্থাই প্ৰথমবাৰলৈ আয়োজন কৰিছিল অপেন মাষ্টাৰ্ছ এথলেটিক্‌ছ । সেই প্ৰতিযোগিতাতে ৰামবাঈয়ে মাত্ৰ ৪৫.৪০ ছেকেণ্ডত এশ মিটাৰ দৌৰ সম্পূৰ্ণ কৰি সকলোকে স্তম্ভিত কৰি তোলে । যোৱা দেওবাৰে বৰোদাত এই প্ৰতিযোগিতা সমাপ্ত হোৱাৰ পাছৰে পৰা সকলোৰে মুখত কেৱল ৰামবাঈৰ নাম ।

উল্লেখ্য যে এশ আৰু দুশ মিটাৰৰ দুয়োটা ইভেণ্টতে শতায়ু গৰকা বৃদ্ধাগৰাকীয়ে অভিলেখ গঢ়ি স্বৰ্ণপদক জয় কৰে । ইয়াৰ পাছৰে পৰা নিজৰ সাফল্যত আহ্লাদিত হৈ থকা বৃদ্ধাগৰাকীয়ে কয়, ‘আকৌ দৌৰিব বিচাৰো । যিমান পাৰো প্ৰতিযোগিতাত বেছিকৈ দৌৰিম ।’ ইমান বছৰে কিয় দৌৰা নাছিল বুলি প্ৰশ্ন কৰাত ৰামবাঈয়ে কয়, ‘ম‌ইতো সাজুৱেই আছিলো । কোনোৱে সহযোগেই দিয়া নাছিল ।’

দেশৰ পাছত এইবাৰ তেওঁৰ বিদেশত হোৱা প্ৰতিযোগিতাত অংশ ল’ব বুলি বৃদ্ধাই সদৰী কৰে । সেয়ে ১০৫ বছৰত এতিয়া তেওঁ পাছপ’ৰ্ট বনাবলৈ উঠিপৰি লাগিছে ।

মজাৰ কথা যে এশ মিটাৰ দৌৰত ৰামবাঈ নিজেই নিজৰ প্ৰতিদ্বন্দ্বী আছিল । অৰ্থাৎ এশৰ ঊৰ্ধ্বৰ শাখাৰ এশ মিটাৰ দৌৰত তেওঁৰ বাহিৰে আন কোনেও অংশ লোৱা নাছিল । ফলত ৰামবাঈয়ে কিমান কম সময়ত দৌৰ সম্পূৰ্ণ কৰিব পাৰে, তাৰ প্ৰতিহে সকলোৰে দৃষ্টি আছিল । বৃদ্ধাই অৱশ্যে হতাশ নকৰিলে দৌৰ শেষ হোৱাৰ লগে লগেই কে’বা হেজাৰ দৰ্শক উচ্ছ্বাসত ফাটি পৰে । বহুতেই আহি ৰামবাঈক শুভেচ্ছা জনায় । কোনো কোনোৱে ছেল্‌ফিও উঠে ।

উল্লেখ্য যে নাতিনীয়েকৰ উৎসাহত যোৱা বছৰৰ নৱেম্বৰত তেওঁ প্ৰথমবাৰলৈ কোনো দৌৰত অংশ লৈছিল । ইয়াৰ পাছতে মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰালা আদিত বিভিন্ন প্ৰতিযোগিতাত অংশ লৈ তেওঁ ১২টাৰো অধিক পদক জয় কৰিছে ।

দিল্লীৰ পৰা ১৫০ কিলোমিটাৰ দূৰৰ কড়মা গাঁৱৰ বাসিন্দা ৰামবাঈ । খেতিপথাৰত খালী ভৰিৰে দৌৰিবলৈ তেওঁ ভাল পাইছিল । যদিও কোনো দিনেই তেওঁ বিষয়টো গুৰুত্বসহকাৰে লোৱা নাছিল । নাতিনীয়েকৰ উৎসাহতে তেওঁ প্ৰতিযোগিতাত অংশ লোৱাৰ উদ্দেশ্যৰে দৌৰিবলৈ আৰম্ভ কৰিছিল । এতিয়া অৱশ্যে ৰামবাঈয়ে জোতা আৰু ট্ৰেকছ্যুট পৰিধান কৰি দৌৰিবলৈ আৰম্ভ কৰিছে ।

প্ৰতিযোগিতাৰ অন্তত সাংবাদিকে প্ৰশ্ন কৰিছিল যে এই বয়সতো সাফল্যৰ ৰহস্য কি ? বৃদ্ধাগৰকীয়ে কয় যে চুৰ্মা, দৈ আৰু গাখীৰ পান কৰিয়ে ইমান দিনে সুস্থ হৈ আছে । দিনে কমেও দুবাৰ আধা লিটাৰ বিশুদ্ধ গাখীৰ পান কৰে । ইয়াৰ উপৰি প্ৰতিদিনে ২৫০ গ্ৰাম ঘিঁ আৰু পাঁচশ গ্ৰাম দৈ খায় । ভাত প্ৰায় একেবাৰেই নাখায় বুলি জনায় বৃদ্ধাগৰাকীয়ে ।

Exit mobile version