দিনটোৰ ৰাশিফল

astrology january 2022 horoscope 1 copy

মেষঃ কৰ্মক্ষেত্ৰত সমস্যা হোৱাৰ সম্ভাৱনা । যাত্ৰা কৰোতে সতৰ্ক হোৱা উচিত । ক’লা ৰঙৰ বস্ত্ৰ পুৱাৰ ভাগত পৰিধান কৰিলে শুভ । শুভ ৰং হালধীয়া । শুভ সংখ্যা ৬ ।

বৃষঃ ব্যৱসায়ত আশানুৰূপ ফল লাভৰ পৰা বঞ্চিত । পুৱা গধূলি ভগৱানৰ নাম ল’ব । যাত্ৰাৰ বাবে দিনটো শুভ । নীলা ৰং ব্যৱহাৰ কৰক । শুভ সংখ্যা ৮ ।

মিথুনঃ ব্যৱসায়ত লাভৱান হ’ব । প্ৰেমত ভুল বুজাবুজি হ’ব পাৰে । যাত্ৰা দুপৰীয়া ১২ বজাৰ পাছত কৰিব । শুভ ৰং বেঙুনীয়া । শুভ সংখ্যা ২ ।

কৰ্কটঃ আয় অনুপাতে ব্যয় বৃদ্ধি পাব । কৰ্মত সফলতা লাভ কৰিব । পুৱাৰ ভাগত যাত্ৰা কৰিব । সেউজীয়া ৰং শুভ । বিদ্যাত শুভ । শুভ সংখ্যা ৬ ।

সিংহঃ কোনো স্বভাৱগত তেজস্বিতা কাৰো আগত নেদেখুৱাব । ইয়াক কৰ্মৰ মাজত ব্যৱহাৰ কৰক । পিতৃ-মাতৃৰ বাবে সামান্য চিন্তা । দাম্পত্যতো কিছু চিন্তা থাকিব । অৱশ্যে বিবাহ বা জীৱিকাৰ উন্নতি হ’ব ।

কন্যাঃ কৰ্মতৎপৰতা বৃদ্ধি পাব । তাৰ পৰা নতুন কৰ্মচাৰীয়ে প্ৰশংসিত হ’ব । আৰ্থিকত খুব বেয়া নহ’ব আজিৰ দিনটোত । দাম্পত্যত মধ্যম । সন্তানৰ চিন্তা আঁত বিচাৰি নাপাব । বিদ্যাত উন্নতি ।

তুলাঃ কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে । অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ । শৰীৰ পিছে খুব ভালেৰে যোৱা টান হ’ব । কিন্তু নতুন এটা কাম কৰি দেখুৱাৰো হাবিয়াস আছে ।

বৃশ্চিকঃ কাৰ্যকৰী সংযোগত অনুকূল । আৰ্থিকতো আশাপ্ৰদ । কিন্তু সাময়িক উৎকণ্ঠা থাকিব । মনোবল বঢ়াওক । গৃহৰ স্বাৰ্থত কিছুমানত এৰা-ধৰা কৰিব । পঢ়াত মধ্যম । হঠাৎ কোনো সমস্যাৰ সন্মুখীন হ’লেও দুশ্চিন্তা নানিব ।

ধনুঃ আৰ্থিকৰ বাবে কৰা চেষ্টাত কিছু সফল দেখিব । আনহাতে, বুজন পৰিমাণৰ খৰচৰ বাবেও প্ৰস্তুত থকাটো ভাল । বিদ্যাত চিন্তা যদিও ব্যস্ততা থাকিব । পিছবেলা বিবিধ উন্নতি ।

মকৰঃ উৎকণ্ঠাৰে কটাব লগা হ’ব পাৰে । কৰ্মতো মন চঞ্চল হ’ব পাৰে । কোনো খবৰত বৰ সুখী নহ’ব পাৰে । আৰ্থিকত চিন্তা । কিবা নতুন চেষ্টাৰ বাবে মনলৈ সাহস গোটাব পাৰিব । প্ৰেমত শুভ ।

কুম্ভঃ পিছবেলা কোনো ক্ষেত্ৰত নিৰাশ হ’ব পাৰে । অৱশ্যে আগবেলা তাৰ কিছু ওলোটা ফল দেখিব । প্ৰয়োজনীয় ক্ষেত্ৰত সেয়ে সাৱধানে চলক । দাম্পত্যত মধ্যম । শৰীৰ ভাল হ’লেও উদ্বেগ এৰাব নোৱাৰিব ।

মীনঃ কৰ্মস্থানত আৰু পাৰিবাৰিক ক্ষেত্ৰত খুব উৎসাহজনক দেখা নাযায় । নিজে ভবা মতে সকলো দিশেই দুৱাৰ খোলা নাপাব । শৰীৰ সম্পৰ্কেও সচেতন থাকক । ভ্ৰমণাদিত একেবাৰে অন্য মনস্ক হ’ব । দুষ্ট চিন্তা নকৰিব ।

Exit mobile version