India-Myanmar : ম্যানমাৰৰ পৰা প্ৰতি দিনে ভাৰতত প্ৰৱেশ কৰিছে শতাধিক শিক্ষাৰ্থীয়ে !

88ab4ee0 f18a 11ec be7e df6703e802fb 1655835225024 1655854023498

ম্যানমাৰৰ পৰা সীমান্ত অতিক্রম কৰি প্রতি দিনে খোজকাঢ়ি ভাৰতত প্ৰৱেশ কৰে প্রায় পাঁচশ শিক্ষাৰ্থীয়ে । গোটেই দিন ভাৰতত কটাই তেওঁলোক পুনৰ নিজৰ দেশত উভতি যায় । কিন্তু কিয় নিতৌ এখন দেশৰ পৰা অন্য দেশত যাতায়াত কৰিছে এই শিক্ষাৰ্থীসকলে ? কিয় বাধা দিয়া নাই তেওঁলোকক ?

২০১৮ৰ মে’ত ভাৰত আৰু ম্যানমাৰ চৰকাৰৰ মাজত সাক্ষৰিত ‘ফ্রি মুভমেন্ট’ চুক্তি অনুযায়ী, দুই দেশৰ সীমান্ত অঞ্চলত বসবাসকাৰী বাসিন্দাসকলে ভিছা অবিহনেই আন্তর্জাতিক সীমান্ত অতিক্রম কৰিব পাৰিব ।

এই চুক্তি অনুযায়ী, উভয় দেশৰেই সীমান্ত অঞ্চলত বসবাসকাৰীসকলে সীমান্তৰ পৰা ১৬ কিলোমিটাৰ ভিতৰ পর্যন্ত অবাধে যাতায়াত কৰিব পাৰিব ।

মিজোৰামৰ প্রশাসনিক কৰ্মকৰ্তাসকলে জনাইছে, সীমান্তৰ ১০ কিলোমিটাৰৰ ভিতৰত এনে ২৫০-ৰো অধিক গাঁও আছে য’ত প্রায় তিনি লাখ লোক বসবাস কৰে । এই গাঁওবাসীসকলে প্রায়েই সীমান্ত চহৰ জোখাওথাৰসহ ১৫০টা চেকপ’ষ্টেৰে যাতায়াত কৰে ।

ভাৰতেঋত সীমান্ত অঞ্চলত দায়িত্বত থকা আৰক্ষীয়ে ম্যানমাৰৰ পৰা কেইজন শিশু ভাৰতত প্রৱেশ কৰিছে তাৰ হিচাপ ৰাখে । অৱশ্যে চুক্তি অনুযায়ী তেওঁলোকক কোনেও বাধা নিদিয়ে ।

এই চুক্তিৰ লাভ উঠাইছে ম্যানমাৰৰ সীমান্ত অঞ্চলত বসবাসকাৰী শিক্ষাৰ্থীসকলে ।

তিয়াউ নদীৰ ওপৰত থকা এটা দলং, এটা চিমেন্টৰ তোৰণ আৰু এটা ইস্পাতৰ গেট পাৰ হৈ ভাৰতত প্রৱেশ কৰে বহু শিক্ষাৰ্থীয়ে । তোৰণত লিখা আছে, ‘ধন্যবাদ । আকৌ আহিব’। এই দলং, তোৰণ, ইস্পাতৰ গেট আৰু তিয়াউ নদীয়েই সীমান্ত পাৰ হৈ এখন দেশৰ পৰা অন্য দেশত যোৱা লোকৰ বাবে মাইলফলকৰ কাম কৰে ।

প্রতি দিনে তিয়াউ নদীৰ দলং পাৰ হৈ শিক্ষাৰ্থীসকলে সীমান্তৰ গেটত উপস্থিত হ’লে মিজোৰাম আৰক্ষীৰ কর্মীয়ে তেওঁলোকক প্রৱেশৰ অনুমতি দিয়ে । আৰক্ষীয়ে এই গেটখন পুৱা সাত বজাৰ পৰা দুঘণ্টা খোলা ৰাখে যাতে শিক্ষাৰ্থীসকলে এই দেশত প্রৱেশ কৰিব পাৰে । দলঙৰ পৰা কিছু মিটাৰ দূৰত এটা কাষ্টমচ অফিচ আছে । ঘড়ীৰ কাঁটাত ন বাজিলেই গেটত তলা লগাই দিয়া হয় ।

প্রতি দিনে কেইজন ছাত্র সীমান্ত পৰা হৈ ভাৰতত প্রৱেশ কৰিছে তাৰ কোনো নির্দিষ্ট হিচাপ নাই । কোনো কোনো দিন এই সংখ্যা পাঁচশ পাৰ হৈ যায় । কোনো দিনাখন আকৌ তিনিশৰো তলত নামি যায় ।

২০২১ৰ ফেব্রুৱাৰীত ম্যানমাৰত সামৰিক অভ্যুত্থানৰ সময়ত সীমান্তৱর্তী বেচ কিছু অঞ্চলত থকা বহু স্কুল বন্ধ হৈ যায় । সীমান্ত অঞ্চলত থকা ম্যানমাৰৰ খাওমাউই এনে এটা এলাকা । এই অঞ্চলৰ পৰা মিজোৰামৰ চম্পাই জিলাৰ জোখাওথাৰ চহৰৰ দূৰত্ব নিচেই কম ।

ক’ভিড অতিমাৰী পৰিস্থিতিত দুবছৰ বন্ধ থকাৰ পাছত ২০২২ৰ এপ্রিলত মিজোৰামৰ বিদ্যালয়বোৰ পুনৰ আৰম্ভ হয় । অৱশ্যে বন্ধ হৈ যোৱাত স্কুল যোৱাৰ উপায় নাছিল খাওমাউইৰ দৰে একাধিক সীমান্তৱর্তী অঞ্চলত থকা শিক্ষাৰ্থীসকলৰ । সেয়ে শিক্ষাৰ চাহিদা পূৰণ কৰিবলৈ সীমান্ত অঞ্চলত থকা প্রায় পাঁচশ শিক্ষার্থীয়ে প্রতি দিনে আন্তর্জাতিক সীমান্ত অতিক্রম কৰি ভাৰতত আহি শিক্ষা গ্ৰহণ কৰা আৰম্ভ কৰে । অৱশ্যে ভাৰতত পঢ়িবলৈ অহা ম্যানমাৰৰ ছাত্রসকলক এটা শ্ৰেণী তলত ভর্তি কৰা হয় ।

ম্যানমাৰৰ পৰা অহা শিক্ষাৰ্থীসকল মূলত ভর্তি হৈছে জোখাওথাৰৰ চেন্ট জোছেফ স্কুলসহ নখন চৰকাৰী আৰু বেচৰকাৰী স্কুলত । কেৱল ভাৰতীয় ছাত্রসকলৰ স’তেই নহয়, ম্যানমাৰৰ পৰা অহা অন্য শৰণার্থী শিশুসকলৰ স’তে একেটা কক্ষতে বহি তেওঁলোকৰ পঢ়া-শোনা চলে । ম্যানমাৰ সামৰিক বাহিনীৰ দখলত যোৱাৰ পাছত বিগত এবছৰত সেই দেশৰ বহু পৰিয়ালে মিজোৰমত আহি আশ্রয় লৈছে ।

জোখাওথাৰৰ এখন বেচৰকাৰী স্কুলৰ অধ্যক্ষৰ মতে, ম্যানমাৰৰ শৰণার্থী শিশুসকলৰ লগতে ভাৰতত স্থায়ীভাৱে নহা সেই দেশৰ শিশুসকলকো স্কুলত ভর্তি কৰা হৈছে । তেওঁলোকে অন্যান্য ছাত্রৰ দৰেই সমান বেতন দি পঢ়া-শোনা কৰি আছে বুলিও তেওঁ জনায়‌ ।

অৱশ্যে চম্পাইৰ ডেপুটি কমিছনাৰ জেমছ লালৰিঞ্চনাৰ দাবী, ম্যানমাৰৰ ছাত্রসকলে সীমান্ত পাৰ হৈ এই দেশত আহি স্কুল কৰি পুনৰ উভতি যায়, এনে তথ্য তেওঁৰ তাত নাই । যদি এনে হয়, সেয়াও এটা নির্দিষ্ট অঞ্চলত হৈছে বুলি তেওঁ মন্তব্য কৰে ।

মিজোৰামৰ স্কুলবোৰত সীমান্ত পাৰ হৈ ছাত্র ভর্তি হোৱাত কিমান চাপ বাঢ়িছে ? এক সর্বভাৰতীয় সংবাদমাধ্যমত দিয়া সাক্ষাৎকাৰত চেন্ট জোছেফ স্কুলেৰ অধ্যক্ষ ফ্রান্সিছ ছাইলোৱে কয়, ‘‘ক’ভিড আৰু সহিংসতাৰ বা ম্যানমাৰৰ বহু শিক্ষাৰ্থী শিক্ষালাভৰ পৰা বঞ্চিত হৈছে । তেওঁলোক বহু পিছুৱাই গৈছে । তেওঁলোকে সীমান্ত পাৰ হৈ আমাৰ স্কুলত ভর্তি হোৱাত আমি তিনিটা নতুন শ্রেণীকক্ষ তৈয়াৰ কৰিছো ।” এই স্কুলত প্রথমৰ পৰা অষ্টম শ্রেণী পর্যন্ত মুঠ ৫২৪ শিক্ষাৰ্থী আছে । যাৰ ভিতৰত ২০৬ জন ম্যানমাৰৰ ।

সীমান্তৰ পৰা দুই কিলোমিটাৰ দূৰত এটা চৰকাৰী প্রাক-প্রাথমিক স্কুলতো শিক্ষাৰ্থীৰে উপচি পৰা ভিৰ । এই স্কুলৰ ৩০৬ জন শিক্ষাৰ্থীৰ ভিতৰত ২১৫ জন ম্যানমাৰৰ । তেওঁলোকৰ ভিতৰত প্রায় ২০০ জনে প্রতি দিনে যাতায়াত কৰে । শিক্ষকৰ সংখ্যা আঠ । সেয়ে নতুন শিক্ষাৰ্থীৰ বাবে এটা নতুন প্রাক-প্রাথমিক বিভাগ তৈয়াৰ কৰিবলগীয়া হৈছে বুলি স্কুলৰ অধ্যক্ষ এইচ লাইৰিখুমাই জনাইছে। অৱশ্যে ইংৰাজী ভাষাত বিশেষ পাৰদর্শী নহয় ম্যানমাৰ এই শিক্ষাৰ্থীসকল । সেয়ে তেওঁলোকৰ অনেকক আৰম্ভণিৰ পৰাই ইংৰাজী শিক্ষা দিবলগীয়া হৈছে বুলিও বহু শিক্ষকৰ দাবী ।

ম্যানমাৰৰ শৰণার্থীসকলক ভাৰতত প্রৱেশ কৰোৱাক লৈ কেন্দ্র আৰু ফেডাৰেল মিজো নেছনেল ফ্রন্ট চৰকাৰৰ মাজত মতৰ মিল নাছিল । ২০২১ৰ মার্চত কেন্দ্রৰ তৰফৰ পৰা মিজোৰাম, মণিপুৰ, নগালেণ্ড আৰু অৰুণাচল প্রদেশ, এই চাৰি ৰাজ্যক নির্দেশ দিয়া হয় যাতে ম্যানমাৰৰ সীমান্ত পাৰ হৈ অহা লোকসকলক প্রৱেশৰ অনুমতি নিদিয়ে । যিসকলে ইতিমধ্যে ভাৰতত প্রৱেশ কৰিছে, তেওঁলোকক চিহ্নিত কৰি পুনৰ সেই দেশত উভতাই দিয়াৰ নির্দেশো দিয়ে কেন্দ্র‌য় ।

ম্যানমাৰৰ পৰা অহা শৰণার্থীসকলক যাতে মিজোৰামত প্ৰৱেশ কৰিবলৈ দিয়া হয়, সেই অনুৰোধ জনাই প্রধানমন্ত্রী নৰেন্দ্র মোদীক পত্ৰ দিয়ে মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাই ।

মিজোৰাম চৰকাৰৰ তথ্য অনুযায়ী, চাৰি জুন পর্যন্ত, ম্যানমাৰৰ পৰা প্রায় ২৯,৯৬৪ জন শৰণার্থী মিজোৰামত আহি আশ্রয় লৈছে । তেওঁলোকৰ ভিতৰত ১১,৮৩৩ জনে ১৪৯টা ত্রাণ শিবিৰত বসবাস কৰে । বাকীসকল ৰাজ্যৰ বিভিন্ন অংশত বসবাস কৰে ।

মিজোৰাম চৰকাৰে এই শৰণার্থীসকলক অস্থায়ী পৰিচয়পত্রও প্রদান কৰিছে ।

Exit mobile version