Twitter New Feature : ২৫০০ কেৰেক্টাৰ লিখিব পাৰিব প’ষ্টত, টুইটাৰৰ নতুন ফিচাৰ

twitter phone.jpg.twimg .768

কম বাক্যৰে টুইটাৰত ভাবপ্রকাশ কৰিবলৈ গৈ বিৰক্ত হৈছে ? ব্যৱহাৰকাৰীসকলৰ এই সমস্যাৰ সমাধানৰ বাবে নতুন পথ অৱলম্বন কৰিছে মাইক্র’ ব্লগিং ছাইট টুইটাৰে । এইবাৰৰ পৰা এটা প’ষ্টত ২৮০টা কেৰেক্টাৰৰো অধিক লিখিব পাৰিব ইউজাৰে । ইয়াতেই শেষ নহয়, ফেচবুকৰ দৰে দীঘল প’ষ্ট লিখিব পাৰিব টুইটাৰত ।

Twitter New Feature : নতুন কি ফিচাৰ টুইটাৰত ?

টুইটাৰৰ জন্মলগ্নৰ পৰাই এই সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ব্যৱহাৰকাৰীসলে । প্রথমৰ পৰাই কম শব্দত মনৰ ভাব প্রকাশৰ অনুমতি দিছিল এই সামাজিক মাধ্যম প্লেটফর্মে । সেই ক্ষেত্রত প্রতিযোগিতাৰ দৌৰত বহু আগবাঢ়ি যায় ফেচবুকৰ দৰে প্লাটফর্মবোৰ । ব্যৱহাৰকাৰীসকলৰ মনৰ ভাব উপলব্ধি কৰি এইবাৰ সেয়ে নতুন ফিচাৰ আনিছে কোম্পানিয়েড়। য’ত ২৫০০টা শব্দ পর্যন্ত এটা প’ষ্টত লিখিব পাৰিব । লগতে দিব পাৰিব একাধিক ছবি, ভিডিঅ’আৰু জিআইএফ ।

Twitter Notes : কেনেদৰে কাম কৰিব এই নতুন ফিচাৰে ?

মাইক্র’ ব্লগিং ছাইটৰ এই নতুন ফিচাৰক কোৱা হৈছে Twitter Notes । এই নতুন ফিচাৰ অনুসৰি ২৫০০টা শব্দ লিখিলেই সম্পূৰ্ণ দেখা নাযাব প’ষ্টত । পৰিৱর্তে নোটচৰ এটা প্রিভিউ টুইট হিচাপে দেখা যাব টুইটাৰৰ টাইমলাইনত । তাত কোনোৱে ক্লিক কৰিলেই চাব পাৰিব সম্পূৰ্ণ বিষয়বস্তু । যি সহজেই লিংক শ্বেয়াৰ কৰি পঠাব পাৰিব অন্যক ।

Twitter New Feature : ভাৰতত দিয়া হৈছে এই নতুন ফিচাৰ ?

বর্তমান পৰীক্ষামূলকভাৱে কিছু লেখকৰ গ্রুপত এই নতুন ফিচাৰৰ সুবিধা দিছে টুইটাৰত । সম্প্ৰতি কেৱল আমৰিকা, ব্রিটেইন, কানাডা, ঘানাৰ দৰে স্থানত পোৱা গৈছে এই ফিচাৰ । অৱশ্যে কোম্পানিয়ে জনাইছে, এই লেখকসকলৰ পৰা ফিচাৰৰ ত্রুটি বিচ্যুতি জনাৰ পাছত সেয়া বিশ্বৰ বিভিন্ন দেশত আৰম্ভ কৰা হ’ব ।

Twitter Old Pattern : টুইটাৰত সমস্যা ক’ত ?

আগতে কেৱল ১৪০ কেৰেক্টাৰৰ ভিতৰতেই লিখিবলগীয়া হৈছিল টুইটাৰ প’ষ্ট । মোবাইল ফোনত এইটোৱে আছিল টুইটাৰ এছএমএছ-ৰ অফিচিয়েল সীমাৱদ্ধতা । পৰৱর্তীকালত ২০১৭ত অৱশ্যে সেই প’ষ্টৰ সীমা ১৮০টা কেৰেক্টাৰ পর্যন্ত বঢ়োৱা হয় । এইবাৰ নোট কার্ডৰ মাধ্যমত এই কেৰেক্টাৰৰ সীমা আৰু বঢ়ালে এই মাইক্র’ ব্লগিং ছাইটে ।

Exit mobile version