মেষঃ আৰ্থিক দিশত অপ্ৰত্যাশিতভাৱে ধন লাভ হ’ব । যিকোনো শুভ কৰ্মৰ পৰা বিৰত থাকক । হালধীয়া নতুবা ক্ৰীম কাপোৰ পৰিধান কৰক । শুভ সংখ্যা ১ ।
বৃষঃ পুৱা-গধূলি শিৱৰ মন্ত্ৰ জপ কৰিব । জপ কৰি সোঁহাতত ৰঙা সূতাৰে সাত পাক দি বান্ধিব । ৰঙা বস্ত্ৰ পৰিধান কৰিব আৰু ৰঙা বস্তু খাব । পাৰিলে শিৱ মন্দিৰত চাকি জ্বলাব । শুভ সংখ্যা ৫ ।
মিথুনঃ ব্যৱসায়ত উন্নতিৰ কাৰকতা । শুভ কৰ্মত বাধা নাই । যাত্ৰা কৰিলে দুপৰীয়া ১২ বজাৰ পাছত কৰিব । ক’লা কাপোৰ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব । প্ৰেমত শুভ । শুভ সংখ্যা ৭ ।
কৰ্কটঃ অৰ্থ প্ৰাপ্তিৰ ক্ষেত্ৰত সৰু-সুৰা বাধাৰ সন্মুখীন হ’ব । বিদ্যাৰ্থীসকলৰ শুভ । যাত্ৰা কৰিব পাৰে । যাত্ৰা কৰাৰ সময়ত গোলপীয়া কাপোৰ পৰিধান কৰিলে শুভ ফল লাভ কৰিব । শুভ সংখ্যা ৫ ।
সিংহঃ কৰ্মক্ষেত্ৰত সাৱধান থাকিব, কাৰণ আপোনাৰ আজি দিনটো শুভ নহয় । বগা ৰং আপোনাৰ শুভ। গতিকে যাত্ৰা কৰোতে আৰু শুভ কাম কৰোতে বগা ৰং ব্যৱহাৰ কৰিব । শুভ সংখ্যা ৮ ।
কন্যাঃ আৰ্থিক দিশত স্বচ্ছলতা থাকিব । দূৰ সংবাদত আনন্দিত হ’ব পাৰে । আপোনাৰ শুভ ৰং আকাশী নীলা । এই ৰঙে আপোনাৰ কৰ্মত সফলতা আনিব । সন্ধিয়া বিষ্ণু মন্দিৰত চাকি জ্বলাব । শুভ সংখ্যা ৯ ।
তুলাঃ আজি আপোনাৰ যাত্ৰা শুভ । যাত্ৰা কৰাৰ সময়ত কমলা ৰঙৰ কাপোৰ পিন্ধিব আৰু কমলা ৰঙৰ ৰুমাল ব্যৱহাৰ কৰিব । সন্ধিয়া পাঁচটাৰ পাছত শুভ কাম আৰু যাত্ৰা নকৰিব । শুভ সংখ্যা ২ ।
বৃশ্চিকঃ অৰ্থ আগমনত বাধাৰ সৃষ্টি হ’ব পাৰে । শুভ কাম আগত লৈ যাত্ৰা নকৰাই ভাল । আপোনাৰ শুভ ৰং মেৰুন । মেৰুন ৰং ব্যৱহাৰ কৰিব । প্ৰেমত শুভ। শুভ সংখ্যা ৪ ।
ধনুঃ কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ আছে । আজি যাত্ৰা কৰিব বিচাৰিলে প্ৰথম যাত্ৰাটো পূৱ দিশে কৰিব । নীলা ৰঙৰ কাপোৰ পৰিধান কৰিব । ৰাতি নিৰামিষ আহাৰ গ্ৰহণ কৰিব । শুভ সংখ্যা ২ ।
মকৰঃ চাকৰি প্ৰাৰ্থীৰ কৰ্মসংস্থাপনৰ পথ প্ৰশস্ত হ’ব । আবেলি চাৰি বজাৰ পাছত যাত্ৰা নকৰিব । আপোনাৰ শুভ ৰং কমলা । কমলা ৰঙৰ কাপোৰ পিন্ধি পুৱা সূৰ্য দেৱতাক প্ৰণাম কৰিব । শুভ সংখ্যা ৯ ।
কুম্ভঃ ব্যৱসায়ত আশানুৰূপ ফল লাভৰ পৰা বঞ্চিত । চাকৰিয়ালৰ বাবে শুভ । শুভ বৰ্ণ বেঙুনীয়া । বেঙুনীয়া ৰঙৰ কাপোৰ পিন্ধি যাত্ৰা কৰক । সুফল পাব । পুৱা-গধূলি শিৱৰ মন্ত্ৰ জপ কৰিব শুভ সংখ্যা ১ ।
মীনঃ আজি ভাবি-চিন্তি কৰ্মত অগ্ৰসৰ হ’ব । কৰ্মত বাধা আছে আবেলি দুই বজাৰ পাছত হোমযাত্ৰা কৰিব । যাত্ৰাৰ আগত হাতত ক’লা সূতাৰে তিনি পাক দি বান্ধিব আৰু ক’লা বস্ত্ৰ পৰিধান কৰিব । শুভ সংখ্যা ৫ ।