ৰাজ্যখনৰ সামগ্ৰিক বান পৰিস্থিতিৰ বিষয়ত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ বিভাগীয় মুৰব্বী বিষয়াৰে বৈঠক

ভগ্ন মথাউৰিৰ অস্থায়ী মেৰামতিৰ লগতে স্থায়ী প্ৰতিৰোধৰ বাবে এতিয়াৰ পৰাই জৰীপ আৰম্ভ কৰাৰ নিৰ্দেশ

মন্ত্ৰী পীযুষ হাজৰীকাই আজি জনতা ভৱনস্থিত নিজ কাৰ্যালয়ত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এছ আব্বাচী, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা তথা আন মুৰব্বী বিষয়াসকলৰ স’তে ৰাজ্যখনৰ সামগ্ৰিক বান পৰিস্থিতিৰ বিষয়ে এখন বৈঠকত মিলিত হয় । বৈঠকত মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াৰ পৰা ৰাজ্যখনত বানত ভাঙি যোৱা আৰু আন ধৰণেৰে ক্ষতিগ্ৰস্ত হোৱা মথাউৰিসমূহৰ বিষয়ে বুজ লয় আৰু ভাঙি যোৱা মথাউৰিসমূহৰ জৰুৰী মেৰামতিৰ বাবে গ্ৰহণ কৰা অস্থায়ী ব্যৱস্থাসমূহৰ খতিয়ান লয় ।

ADVERTISEMENT

মন্ত্ৰীগৰাকীয়ে শেহতীয়া বানত ক্ষতি হোৱা জিলাসমূহলৈ নিয়মিত ৰূপত পুঁজি আৰু মথাউৰি মেৰামতিৰ সামগ্ৰীসমূহৰ যোগান ধৰা বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰি বিভাগীয় বিষয়াক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে । আজিৰ বৈঠকতে মন্ত্ৰীগৰাকীয়ে মথাউৰিৰ ভঙা অংশসমূহত খৰালিৰ সময়ত স্থায়ী কাম কৰিবৰ বাবে এতিয়াৰ পৰাই জৰীপ, প্ৰাককলন প্ৰস্তুত আদি প্ৰাথমিক কামসমূহ আৰম্ভ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে ।

আনহাতে, মথাউৰি নিৰ্মাণ তথা বান নিয়ন্ত্ৰণৰ বাবে থকা বিভাগীয় কামসমূহ খৰতকীয়া কৰাৰ বাবে প্ৰয়োজন হোৱা প্ৰশাসনীয় সংস্কাৰৰ বিষয়তো আজি বিষদভাৱে আলোচনা কৰি মন্ত্ৰীগৰাকীয়ে বিভাগক এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষপ হাতত ল’বলৈ নিৰ্দেশ দিয়ে । শেহতীয়া বানত ক্ষতি হোৱা মথাউৰিসমূহৰ বিষয়ে বিষদভাৱে আলোচনা কৰি মন্ত্ৰীগৰাকীয়ে বিভাগক ৰাজ্যখনৰ মথাউৰিসমূহ কিদৰে আৰু সবল কৰি তুলিব পৰা যায় সেই বিষয়ত চিন্তা চৰ্চা কৰিবলৈও বিভাগীয় অভিযন্তাসকলক নিৰ্দেশ প্ৰদান কৰে ।

Exit mobile version