Air India : অৱসৰৰ পাছত পুনৰ চাকৰি ! পাইলটসকলৰ বাবে বিশেষ ঘোষণা এয়াৰ ইণ্ডিয়াৰ

POMAUGF3MBIUXOVSB7LLZTAZCU

অৱসৰৰ পাছত পাইলটসকলক পুনৰ কামত ল’ব এয়াৰ ইণ্ডিয়াই । পাঁচ বছৰৰ ম্যাদত অৱসৰপ্রাপ্ত পাইলটসকলক নিয়োগৰ নতুন ঘোষণা কৰিলে এয়াৰ ইণ্ডিয়া কর্তৃপক্ষ‌ই ।

অৱসৰৰ পাছত যিসকল পাইলটক পুনৰ নিয়োগ কৰা হ’ব, তেওঁলোকৰ কমাণ্ডাৰ হিচাপে চাকৰিত লোৱা হ’ব । যিসকল পাইলটে তিনি বছৰ আগতে অৱসৰ লৈছে, তেওঁলোকক ইতিমধ্যে চাকৰিৰ এই নতুন ঘোষণা জনোৱা হৈছে । অৱসৰ-পৰৱর্তী চুক্তিত পাঁচ বছৰৰ ম্যাদ কালত এয়াৰ ইণ্ডিয়াৰ নীতি অনুসৰি পাৰিশ্রমিক আৰু ফ্লাইং ভাতা পাব । এয়াৰ ইণ্ডিয়াৰ অৱসৰ-পৰৱর্তী চুক্তিত ইচ্ছুক পাইলটসকলক লিখিত সন্মতিপত্রসহ আগন্তুক ২৩ জুনৰ ভিতৰত-মেইল মাৰফত জনাব লাগিব ।

বিমান সেৱাত পাইলটৰ ভূমিকা অপৰিসীম । বিমানসংস্থাবোৰত তেওঁলোকৰ বেতনো সর্বাধিক হয় । ইয়াৰ উপৰি অন্তর্দেশীয় বিমান ক্ষেত্রত দক্ষ প্রশিক্ষিত পাইলটৰ নাটনি । ফলত অৱসৰৰ পাছতো পাইলটসকলক পুনৰ নিয়োগ কৰিলে, এই সমস্যাৰ সমাধান হ’ব বুলি ধাৰণা কৰিছে সংশ্লিষ্ট মহলৰ একাংশ‌ই ।

Exit mobile version