Viral : ধ্বংসস্তূপত সোণালী পোহৰ, আফগানিস্তানৰ ভূমিকম্পত পৰিয়ালৰ সকলোকে হেৰুওৱা শিশুৰ ছবি ভাইৰেল

afghanistan earthquake child 62b406bee2a8c

কম্বলত লেপেট খাই আছে শ শ মৃতদেহ । ঘৰ বুলিবলৈ কেৱল শিলৰ ঢাপ দেখা যায় । ভূমিকম্পত কার্যত খণ্ডহৰত পৰিণত হৈছে আফগানিস্তান (Afghanistan) । মূলত সেই দেশৰ পূৱ প্রান্ততেই সৰ্বাধিক কৰুণ অৱস্থা । ভূমিকম্পৰ (Earthquake) ফলত প্রবল বৃষ্টিৰ বাবে বানপানীও হৈছে বহু অঞ্চলত । ফলত ব্যাহত হৈছে উদ্ধাৰকাৰ্য । কিন্তু ধ্বংসস্তূপৰ মাজতেই সন্ধান পোৱা গৈছে এটি শিশুৰ । তাৰ পৰিয়ালৰ আৰু কোনো জীয়াই থকা নাই বুলি ধাৰণা কৰা হৈছে । কিন্তু ভাগ্যৱশতঃ শিশুটি ৰক্ষা পৰিছে ।

আফগানিস্তানৰ সাংবাদিক ছইদ জিয়াৰমল হাচেমিয়ে টুইটাৰত শ্বেয়াৰ কৰিছে শিশুটিৰ ছবি । লিখিছে, “এই শিশুটি সম্ভৱত তাৰ পৰিয়ালৰ একমাত্র জীৱিত সদস্য । স্থানীয়সকলৰ এই দাবী । দেখি এনে লাগিছে শিশুটিৰ বয়স তিনি বছৰ হ’ব ।” ইয়াৰ পাছতেই শিশুটিৰ হাস্যমুখৰ ছবি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত । তাৰ সৰলতাৰে ভৰা হা‍ঁহি দেখি বুজিব পৰা নাযায় যে তাৰ আপোন বুলিবলৈ পৃথিৱীত কোনো নাই । সি ইমানেই সৰু যে তাৰ বাবে এয়া বুজি পোৱাও সম্ভৱ নহয় । বহু নেটিজেনে শিশুটি তুলি লোৱাৰো ইচ্ছা প্রকাশ কৰিছে ।

মঙলবাৰে পুৱাই প্রচণ্ড ভূমিকম্পত কঁপি উঠে আফগানিস্তান । ২০০২ৰ পাছত এয়ে প্রথম ৰিখটাৰ স্কেলত ৬.১ মাত্রাৰ ভূমিকম্পৰ সাক্ষী দেশ । ইতিমধ্যে মৃত্যুৰ সংখ্যা প্রায় হেজাৰ হৈছে । উদ্ধাৰকাৰ্য আৰম্ভ হৈছে যদিও অনেকেই ধ্বংসস্তূপত আবদ্ধ হৈ আছে বুলি খবৰ । এনে পৰিস্থিতিতে বৰষুণ আৰম্ভ হৈছে । ইয়াৰ ফলত উদ্ধাৰকাৰ্য প্রবলভাৱে ব্যাহত হৈছে । আবদ্ধ হৈ পৰা আফগানসকলক ত্রাণসামগ্রী দিব পৰা নাই । ক্রমশ প্রতিকূল হৈছে পৰিস্থিতি ।

মঙলবাৰে সন্ধিয়াৰ পৰাই আৰম্ভ হৈছে বৰষুণ । নিশা বৰষুণৰ পৰিমাণ আৰু বাঢ়ে । ভূমিকম্পৰ ফলত বহু ঠাইত পথ ভাঙি পৰিছে । খহনীয়াও হৈছে । তাৰ মাজতে বানপানীৰ ফলত পৰিস্থিতি আৰু বেয়া হৈছে । তালিবানৰ আমোলত দেশখনৰ দৰিদ্রতা চৰম অৱস্থা পাইছে । এনে পৰিস্থিতিত ভূমিকম্প আৰু তাৰ পাৰ্শ্ববৰ্তী বানে জনজীৱন প্রৱলভাৱত ক্ষতিগ্রস্ত হ’ল বুলি ধাৰণা কৰা হৈছে ।

Exit mobile version