জুলাইৰ পৰা জাৰি হ’ব কেন্দ্রৰ নতুন আইন ! কমিব পাৰে বেতন

epf 1571215148

অহা এক জুলাইৰ পৰা কার্যকৰ হ’ব পাৰে কেন্দ্রৰ নতুন শ্রম আইন (Labour Law) । ইয়াৰ ফলত সলনি হ’ব পাৰে ‘টেক হোম’ বেতনৰ পৰা কামৰ ঘণ্টা, পিএফ কন্ট্রিবিউছনৰ দৰে অন্যান্য বহু কিছু । নতুন মাহৰ আৰম্ভণিৰ পৰাই এই নতুন নিয়ম কার্যকৰ কৰিবলৈ প্রক্রিয়া আৰম্ভ হৈছে । এই দাবী এক সর্বভাৰতীয় সংবাদমাধ্যমৰ ।

যদি আগন্তুক সপ্তাহতেই এই নতুন আইন আৰম্ভ হৈ যায় তেন্তে কি কি পৰিৱর্তন হ’ব ? নতুন শ্রমবিধি অনুযায়ী, নৰ পৰা ১২ ঘণ্টাৰ শ্বিফট কৰিবলগীয়া হ’ব পাৰে কর্মচাৰীসকলে (পূৰ্বে আছিল আঠ-ন ঘণ্টা) । যিসকলে দৈনিক ১২ ঘণ্টা কাম কৰিব, তেওঁলোকে সপ্তাহত তিনিদিন ছুটি পাব । ইয়াৰ ফলত সাপ্তাহিক কামৰ দিন চাৰি দিন হ’লেও মুঠ কর্মঘণ্টাৰ কোনো পৰিৱর্তন নহ’ব । ইয়াৰ উপৰি প্রতি পাঁচ ঘণ্টা কামৰ পাছত ৩০ মিনিট বিৰতি ল’ব পাৰিব । নতুন বিধিত মহিলাসকলে নাইট শ্বিফট কৰিব পাৰিব ।

নতুন নিয়মত দেশজুৰি ন্যূনতম বেতন কার্যকৰ কৰা হ’ব । সংশ্লিষ্ট মহলৰ বক্তব্য, ইয়াৰ ফলত বিশেষভাৱে লাভৱান হ’ব দেশৰ অসংখ্য প্ৰব্ৰজনকাৰী শ্রমিকসকল । লগতে এই পৰিৱর্তনৰ ফলত এজন কর্মীৰ বেতন বাবদ হাতত টকা (টেক হোম ছেলেৰি) কমি অহাৰ সম্ভাৱনা আছে । তেনেদৰে পিএফ (PF)-ৰ অনুদান বঢ়াৰ সম্ভাৱনাও প্রৱল । অৱশ্যে নতুন নিয়মত ছুটিৰ সংখ্যা একেই থাকিব ।

উল্লেখ্য, ভাৰতৰ ২৯ টা কেন্দ্রীয় শ্রম আইন চাৰিটা ক’ডত বিভক্ত । ক’ডৰ নিয়মৰ ভিতৰত আছে চাৰিটা শ্রম ক’ড । তাৰ ভিতৰত আছে মজুৰি, সামাজিক নিৰাপত্তা, ইণ্ডাষ্ট্রিয়েল ৰিলেছন, জীৱিকাৰ নিৰাপত্তা আৰু স্বাস্থ্য । তথ্য অনুসৰি, এই পর্যন্ত ২৩খন ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলে এই আইন তৈয়াৰ ৰাখিছে । আনহাতে, চাৰিটা লেবাৰ ক’ড সংসদত পাছ হৈছে ।

Exit mobile version