COVID-19 : কৰ’না-যুদ্ধত ‘জয়’ ঘোষণা ছাংহাইৰ, বিদ্যালয় খুলিছে বেইজিঙত

BeijingSchools

কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজত কার্যত ‘জয়’ ঘোষণা কৰিলে ছাংহাই প্রশাসনে । বিগত দুমাহত এয়ে প্রথম চীনৰ এই চহৰত সংক্রমণৰ সংখ্যা শূন্য । সংক্রমণৰ প্ৰকোপ কমিছে বেইজিঙো । তাত বিদ্যালয় খোলাৰ সিদ্ধান্ত লোৱা হৈছে ।

চলিত বছৰৰ মার্চৰ পৰা চীনৰ বিভিন্ন প্রদেশত কৰ’নাৰ বাৰ বৃদ্ধি দৃষ্টিত পৰিছিল । ভাইৰাছৰ সংক্রমণ ৰোধ কৰিবলৈ কঠোৰ বিধিনিষেধ জাৰি কৰা হৈছিল । ছাংহাইৰ পৰিস্থিতি যথেষ্ট উদ্বেগজনক আছিল । ত ত প্রায় দুমাহৰ কঠোৰ তলাবন্ধ জাৰি কৰা হৈছিল । বিগত জুনৰ আৰম্ভণিত তলাবন্ধ তোলি লোৱা হয় । আনহাতে, সংক্রমণ নির্মূল কৰিবলৈ জিৰ’ ক’ভিড নীতি অনুসৰণ কৰিছিল ছি জিনপিং চৰকাৰে । তাৰ ফলতেই এই ‘সাফল্য’ বুলি দাবী কৰা হৈছে ।

শনিবাৰে বেইজিঙত শিক্ষা কমিছনৰ তৰফৰ পৰা জনোৱা হৈছে, সংক্রমণৰ হাৰ কমায় সমস্ত প্রাথমিক আৰু উচ্চ বিদ্যালয়ত আগন্তুক সোমবাৰৰ পৰাই পঠদান আৰম্ভ হ’ব । নাৰ্ছাৰি স্কুল খুলিব অহা চাৰি জুলাইৰ পৰা । মে’ৰ আৰম্ভণিৰ পৰা বেইজিঙত স্কুল বন্ধ কৰা হৈছিল । অনলাইন ক্লাছত জোৰ দিয়া হৈছিল । যোৱা দুই জুনৰ পৰা ওপৰৰ ক্লাছৰ শিক্ষাৰ্থীসকলক স্কুলত আহিবলৈ কৈছিল ।

উল্লেখ্য, ২০১৯ত চীনৰ উহান প্রদেশত প্রথম কৰ’না সংক্রমণ ঘটে বুলি দাবী কৰা হয় । তাৰ পাছত বিশ্বৰ বিভিন্ন দেশত বিয়পি পৰে । চীনৰ পৰিস্থিতি নিয়ন্ত্রণত আহিছিল । কিন্তু চলিত বছৰৰ আৰম্ভণিতে পুনৰ চীনত কৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পায় ।

Exit mobile version