Volcano : আগ্নেয়গিৰিৰ শিখৰ আৰোহণ কৰিবলৈ গৈ বিষাক্ত ধোঁৱাত মৃত্যু যুৱতীৰ

1012 nasa

আগ্নেয়গিৰিৰ শিখৰত আৰহণ কৰিবলৈ গৈছিল । কিন্তু শিখৰত এটা ফাটৰ বিষাক্ত ধোঁৱাত মৃত্যু হ’ল মেক্সিকোৰ ২২ বছৰীয়া এগৰাকী পর্বতাৰোহীৰ । ঘটনাত তেওঁৰ এগৰাকী সংগী গুৰুতৰভাৱে আহত হৈছে ।

মেক্সিকোৰ পর্বতাৰোহীসকলৰ সংগঠন ‘মাউন্টেইন ৰেছকিউ এণ্ড এছিছটেন্স ব্রিগেড’এ জনাইছে, শুকুৰবাৰে পপ’কেটপেটল আগ্নেয়গিৰিৰ শিখৰৰ পৰা প্রায় ৩০০ মিটাৰ তলত দুর্ঘটনাটো সংঘটিত হয় । সংগঠনৰ তৰফৰ পৰা জনোৱা হৈছে, এই আগ্নেয়গিৰিৰ পৰা বিগত তিনি দশক ধৰি অবিৰাম ধোঁৱা ওলাই আছে ।

পর্বতাৰোহীসকলৰ এই আগ্নেয়গিৰিৰ কাষত যোৱা নিষেধ । তেওঁলোকৰ বিকল্প পথত ৫,৪২৬ মিটাৰ (প্রায় ১৮ হেজাৰ ফুট) উখ পপ’কেটপেটল শিখৰ আৰোহণ কৰিবলগীয়া হয় । কিন্তু মৃত যুৱতী আৰু তেওঁৰ সংগীয়ে সেই নিষেধাজ্ঞা অৱমাননা কৰি আগ্নেয়গিৰিৰ কাষেৰে শিখৰত যাব বিছাৰিছিল বুলি অভিযোগ ।

দুর্ঘটনাৰ খবৰ লাভ কৰিয়েই ‘মাউন্টেইন ৰেছকিউ এণ্ড এছিছটেন্স ব্রিগেড’-ৰ স্বেচ্ছাসেৱকসকলে নিকটৱর্তী অ’জুম্বা চহৰৰ পৰা সেই আগ্নেয়গিৰিৰ কাষত যায় । প্রায় ৫০ মিটাৰ গভীৰ খাৱৈৰ পৰা উদ্ধাৰ কৰা হয় তেওঁৰ দেহ । পাহাৰত তেওঁৰ আহত সংগীকো উদ্ধাৰ কৰে স্বেচ্ছাসেৱকসকলে । অ’জুম্বাৰ মেয়ৰ ভেলেন্টিন মার্টিনেজ কাষ্টিলোৱে জনাইছে, মৃত যুৱতীগৰাকী তেওঁৰেই চহৰৰ বাসিন্দা ।

Exit mobile version