দিনটোৰ ৰাশিফল

istockphoto 1227007149 612x612 1

মেষঃ যোগাযোগত ব্যতিক্ৰমৰ মাজেৰে আনন্দ পাব । শৰীৰ মোটামুটি ভালেই যাব । বিদ্যাৰ্থীসকলে শুভ ফল পাব পাৰে, কিন্তু কৰ্মক্ষেত্ৰত সৰু-সুৰা বাধা আহিব পাৰে । বিবাহৰ যোগাযোগত শুভ ফল পোৱাৰ সম্ভাৱনা ।

বৃষঃ ব্যয় বৃদ্ধিৰ কাৰকতা । ঘৰুৱা কোনো কাৰণত মানসিক ক্লেশ থাকিব । বিদ্যাত পাৰিপাৰ্শ্বিক বাধা থাকিব পাৰে । কৰ্মক্ষেত্ৰত মজলীয়া ফল পাব । বন্ধুৰ বিশ্বাস অৰ্জন । ব্যৱসায়ত শুভ ।

মিথুনঃ নানা ক্লেশৰ মাজতো আয় স্তিমিত নহ’ব । ব্যৱহাৰিকত আপোনাৰ ধৈৰ্য অটুট থাকিব । সন্তানৰ বাবে মধ্যম দিন । উদ্যোগী ব্যক্তিৰ আনন্দ লাভ । অনাৱশ্যক কাৰণত অৰ্থ ব্যয় নকৰিব । প্ৰেমত বাধা ।

কৰ্কটঃ ঘৰুৱা পৰিৱেশ অনুকূল । ভাই-ভনীৰ বাবে আশাবাদী । বিদ্যাত খুব বেয়া নহ’ব । আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য লাভ । কৰ্মত নতুন সুযোগ পাব । চাকৰিত মধ্যম উন্নতি ।

সিংহঃ ব্যৱসায়ত মধ্যম উন্নতি । ৰাজনীতিবিদসকলে সাৱধানে চলক । বিদ্যাত খুব বেয়া নহ’ব । শাৰীৰিক অশান্তি সামান্য থাকিব । প্ৰেম-প্ৰীতিত বেছি আৱেগিক নহ’ব ।

কন্যাঃ কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সহায় পাব । দাম্পত্যত ভালেই দেখা যায় । আৰ্থিকত আয়ৰ তুলনাত ব্যয় বেছি হ’ব । সামাজিক ক্ষেত্ৰত মান-সন্মান বৃদ্ধি পাব । বায়ু মাৰ্গে ভ্ৰমণৰ যোগ । বিদ্যাত শুভ ।

তুলাঃ আৰ্থিক দিশত আয়-ব্যয় প্ৰায় সমান । বিদ্যাত যত্ন লোৱাৰ দৰকাৰ । উদ্বিগ্নতাই দেহৰ অশান্তি আনিব পাৰে । প্ৰেমত বন্ধুৰ সহায় পাব । দূৰ ভ্ৰমণ নকৰিব । নতুন সংবাদত আনন্দ ।

বৃশ্চিকঃ কৰ্মক্ষেত্ৰত নেতৃস্থানীয় ব্যক্তিৰ প্ৰেৰণা লাভ । ব্যৱসায়িক যিকোনো চুক্তি সম্পাদনৰ ক্ষেত্ৰত অনুকূল । মাতৃৰ শৰীৰ মধ্যম । আৰ্থিকত মধ্যম । পঢ়া-শুনাত অবজ্ঞা নকৰিব ।

ধনুঃ শৰীৰ বৰ উন্নত নাযাব পাৰে । আৰ্থিকত খৰচ বৃদ্ধি পাব । বিদ্যাত যত্ন লোৱাৰ আৱশ্যক । ব্যৱসায়ত কোনো আৱেগক স্থান নিদিব । দাম্পত্যত চিন্তা থাকিব ।

মকৰঃ অনুকূল দিন । কৰ্মতৎপৰতা থাকিব । ভাবি-গুণি আগবাঢ়ক শুভ হ’ব । আৰ্থিক অগ্ৰগতিত বাধা নাপাব । শৰীৰ মধ্যম । বিবাহৰ কথাত আগবাঢ়িব পাৰে ।

কুম্ভঃ আৰ্থিক উন্নতিৰ যোগ সামান্য । খোৱা-বোৱাত সাৱধান থাকিব । ব্যৱসায়ত আয় বৃদ্ধিত বাধাপ্ৰাপ্ত হ’ব পাৰে । মাতৃৰ ভালেই । সন্তানৰ বাবে সামান্য দুশ্চিন্তা থাকিব ।

মীনঃ বিদ্যাত শুভ । অতিপাত পৰিশ্ৰম নকৰিব । ঘৰুৱাত খুব বেয়া নহ’ব । প্ৰাপ্য ধন আদায়ৰ সুযোগ পাব । প্ৰেম-প্ৰণয়নত বেয়া নহ’ব । ৰাজনীতিত সতৰ্ক হৈ চলক ।

Exit mobile version